হোজাইত ভয়াবহ অগ্নিকাণ্ডত দুটা গৃহ ভস্মীভূত - হোজাইৰ শিঙাৰী বস্তিত অগ্নিকাণ্ড
🎬 Watch Now: Feature Video


Published : Dec 3, 2023, 1:53 PM IST
হোজাই, ৩ ডিচেম্বৰ : হোজাইত শনিবাৰে নিশা সংঘটিত হয় এক ভয়াবহ অগ্নিকাণ্ডৰ ঘটনা । হোজাইৰ শিঙাৰী বস্তিত সংঘটিত হৈছে এই অগ্নিকাণ্ডৰ ঘটনা । ৰন্ধন গেছ চিলিণ্ডাৰৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাতৰ হোৱা বুলি স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰিছে । শিঙাৰী বস্তিৰ নিতাই নাথৰ বাসগৃহৰ ভাড়াঘৰৰ দুটা কোঠা অগ্নিকাণ্ডত ভস্মীভূত হয় ।
এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিচতেই স্থানীয় ৰাইজে হোজাইৰ অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে । অগ্নিকাণ্ডৰ বিষয়ে খবৰ পায় ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় । এই ভয়াবহ অগ্নিকাণ্ডৰ ফলত ভস্মীভূত হয় কেইবা লাখ টকাৰ সা-সম্পত্তি । অৱশ্য়ে এই ঘটনাত কোনো লোক হতাহত হোৱা নাই ।
লগতে পঢ়ক:Massive Fire in Majuli: মাজুলীৰ কমলাবাৰী ব্লক তিনি আলিত ভয়াবহ অগ্নিকাণ্ড