Fire in Barpeta: বৰপেটাৰ ছয়সীমানা বজাৰত ভয়ংকৰ অগ্নিকাণ্ড - বৰপেটাৰ ছয়সীমানা বজাৰ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Nov 25, 2022, 2:15 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

বৰপেটাৰ ছয়সীমানা বজাৰত সংঘটিত হ’ল এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা (Fire in Barpeta) । বৃহস্পতিবাৰে সন্ধিয়া সংঘটিত অগ্নিকাণ্ডটোৰ ফলত প্ৰায় ৩০ লক্ষাধিক টকাৰ মৰাপাট ভস্মীভূত হয় । জানিব পৰা মতে, আব্দুল কাদেৰ, ছফিউৰ ৰহমান আৰু আব্দুছ ছাত্তাৰ নামৰ তিনিগৰাকী ব্যৱসায়ীয়ে ছয়সীমানা সাপ্তাহিক বজাৰৰ(Barpeta Choisimana Bazaar) পৰা ক্ৰয় কৰা মৰাপাট জমা কৰি ৰাখে । কিন্তু হঠাৎ এটা মৰাপাটৰ দ’মত জুইৰ সূত্ৰপাত হয় আৰু লগে লগে ওচৰতে থকা আন দুটা মৰাপাটৰ দ’মলৈও বিয়পি পৰে জুই । স্থানীয় লোকৰ সহযোগত বজাৰখনৰ একাংশ ব্যৱসায়ীয়ে পানী ঢালি জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় । জানিব পৰা মতে, ছফিউৰ ৰহমানৰ প্ৰায় ৭০০ মোন, আব্দুছ ছাত্তাৰৰ প্ৰায় ৫০০ মোন আৰু আব্দুল কাদেৰৰ প্ৰায় ২০০ মোন মৰাপাট অগ্নিকাণ্ডত ভস্মীভূত হয় । অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও কোনো ব্যক্তিয়ে বিড়ী অথবা ছিগাৰেট খাই পেলাই দিয়ে আৰু তাৰ পৰাই এই ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত হয় ।
Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.