Fire in Tinsukia: তিনিচুকীয়াত বিধ্বংসী অগ্নিকাণ্ড, দহৰো অধিক বাসগৃহ ভস্মীভূত - তিনিচুকীয়াত বিধ্বংসী অগ্নিকাণ্ড

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Sep 27, 2023, 9:43 PM IST

তিনিচুকীয়া,২৭ ছেপ্টেম্বৰ: বুধবাৰে সন্ধিয়া তিনিচুকীয়াৰ বৰপথাৰৰ মিছনপাৰাত সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ড ৷ কেইবাটাও ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ ফলত জুইৰ লেলিহান শিখাই বিধ্বংসী ৰূপ লোৱা পৰিলক্ষিত হয় । স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি অগ্নিকাণ্ডত দহটাৰো অধিক বাসগৃহ জুইত জাহ যায় ৷  

একাংশই বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডটো সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে ৷ স্থানীয় ৰাইজে খবৰ দিয়াত ততাতৈয়াকৈ অগ্নিকাণ্ডস্থলীত স্থানীয় অগ্নিনিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হৈ অগ্নিনিৰ্বাপন কৰিবলৈ চেষ্টা চলাই যদিও প্ৰৱেশ পথটো সৰু হোৱাৰ বাবে ঘটনাস্থলীত উপস্থিত হোৱাত ব্যৰ্থ হয় ।  

পৰৱৰ্তী সময়ত অগ্নিনিৰ্বাপক বাহিনীৰ সৰু বাহন উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত অগ্নি নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখে ৷ অগ্নিকাণ্ড কেনেদৰে সংঘটিত হ'ল জানিব পৰা হোৱা নাই যদিও ঘটনাস্থলীত তিনিচুকীয়াৰ সদৰ আৰক্ষী থানাৰ আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ৷

লগতে পঢ়ক: Fire Break out: চকুৰ পচাৰতে জুইত জাহ গ’ল দুটাকৈ গৃহ; 2 লাখ নগদ টকাসহ ঘৰৰ সামগ্ৰী ভস্মীভূত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.