Fire breaks out in Humsafar Express: হামচফৰ এক্সপ্ৰেছত অগ্নিকাণ্ড; যাত্ৰীৰ মাজত হাহাকাৰ

By ETV Bharat Assamese Team

Published : Nov 15, 2023, 7:34 PM IST

thumbnail

নিউজ ডেস্ক, 15 নৱেম্বৰ: দিল্লীৰ পৰা দৰভংগালৈ যোৱা হামচফৰ এক্সপ্ৰেছৰ তিনিটা দবাত অগ্নিকাণ্ড ৷ দবাৰ তলত স্থাপন কৰা চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত ৷ ৰে’লখনত থকা যাত্ৰীসকলৰ মাজত আতংকৰ সৃষ্টি ৷ অগ্নিনিৰ্বাপক বাহিনীৰ বহু বাহনে জুই নিৰ্বাপনৰ চেষ্টা চলাইছে ৷ চৰাই ভূপাট ষ্টেচনত হামচফৰ এক্সপ্ৰেছৰ S1 দবাত অগ্নিকাণ্ড ৷ ৰেলৰ দবাটোৰ পৰা জপিয়াই প্ৰাণ ৰক্ষা যাত্ৰীসকলৰ ৷ ৰে’লখনৰ S 1 2 3 তিনিটা দবা জুইৰ শিখাই সম্পূৰ্ণৰূপে আগুৰি ধৰে ৷ বিহাৰৰ পৰা মুজাফ্ফৰপুৰলৈ গৈ থকা কুণ্ডনে কয় যে চৰাই ভূপাট ষ্টেচনত ৰেলখনৰ গতি কমি যোৱাৰ লগে লগে ৰেলখনৰ লাইটবোৰো বন্ধ হৈ গ'ল আৰু কম সময়ৰ ভিতৰতে জোৰেৰে শব্দ হ'ল, জুই জ্বলি উঠিল আৰু হুলস্থুলৰ সৃষ্টি হয় । বহু কেইগৰাকী যাত্ৰী আহত হোৱা বুলি জানিব পৰা গৈছে ৷

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.