Massive Fire at Moran: প্ৰচণ্ড ধুমুহাৰ মাজতে মৰাণত অগ্নিকাণ্ডত 20 লক্ষাধিক টকাৰ ক্ষতি

By

Published : Apr 24, 2023, 11:19 AM IST

thumbnail

ডিব্ৰুগড়, 24 এপ্ৰিল: প্ৰচণ্ড ধুমুহাৰ মাজতে মৰাণত সংঘটিত হ'ল ভয়ঙ্কৰ অগ্নিকাণ্ডৰ ঘটনা ৷ অগ্নিকাণ্ডত নিমিষতে জাহ যায় তিনিটাকৈ পৰিয়ালৰ বাসগৃহ (Massive Fire Break out At Moran) ৷

দেওবাৰে নিশা অহা প্ৰচণ্ড ধুমুহাৰ মাজতে মৰাণৰ সমীপৰ ঘূগুলনী বঙালী আহোম গাঁৱৰ পালেং বস্তিত এক ভয়ঙ্কৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ অগ্নিকাণ্ডত তিনিটা পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে জুইত জাহ যায় ৷ স্থানীয় লোকে জানিবলৈ দিয়া অনুসৰি, পালেং বস্তিৰ কালাচান্দ পাল, নবীন পাল, হৰি পাল নামৰ ব্যক্তিকেইজনৰ তিনিটাকৈ বাসগৃহ জুইত জাহ যায় ৷ এই অগ্নিকাণ্ডত প্ৰায় 20 লক্ষাধিক মূল্যৰ সা-সম্পত্তি অগ্নিত ভস্মীভূত হোৱাৰ অনুমান কৰা হৈছে (Fire Break out At Moran) ৷

অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা যদিও মমবাতিৰ পৰা জুইৰ সূত্ৰপাত হয় বুলি স্থানীয়লোকে সন্দেহ প্ৰকাশ কৰিছে ৷ ঘটনাৰ পাচতেই অগ্নি নিৰ্বাপক বাহিনী, স্থানীয় ৰাইজ আৰু আৰক্ষীৰ প্ৰচেষ্টাত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷ উল্লেখ্য যে পৰিয়াল কেইটাৰ নথি-পত্ৰ, সকলো আচবাব আদি জুইত জাহ যায় (Massive Fire at Moran) ৷

লগতে পঢ়ক: Heavy Storm: প্ৰচণ্ড ধুমুহাত নামৰূপত এজন নিহত; টিংখাঙত আহত এক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.