Fire Breaks out at Market in Jonai: জোনাইৰ জোনকাৰেং তিনিআলিত ভয়ংকৰ অগ্নিকাণ্ড - ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ
🎬 Watch Now: Feature Video

জোনাই,১ জুলাই: শনিবাৰে নিশা জোনাইত ভয়ংকৰ অগ্নিকাণ্ড । জানিব পৰা মতে জোনাইৰ জোনকাৰেং তিনিআলিৰ ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত থকা এখন দোকান পৰা হঠাতে জুইৰ সুত্ৰপাত হয় ৷ জুইৰ লেনিহান শিখা কাষতে থকা আন কেইবাখনো দোকানলৈ বিয়পি পৰে ৷ এই ভয়াৱহ অগ্নিকাণ্ডত জোনকাৰেং তিনিআলিৰ ৬ খনকৈ দোকান সম্পূৰ্ণ ৰূপে জাহ যায় ৷
জুইত এখন গেলামাল, এখন হোটেল, এখন কম্পিউটাৰ, এখন সূতাৰ আৰু আন কিছু সৰু দোকান সম্পূৰ্ণ ৰূপে জাহ যায় ৷ ফলত ২০-২৫ লক্ষাধিক টকাৰ সম্পত্তি জাহ যোৱা বুলি সন্দেহ কৰা হৈছে ৷ জুইৰ সূত্ৰপাতৰ বিষয়ে জানিব পৰা হোৱা নাই যদিও শ্বৰ্ট চাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে। ঘটনাস্থলীত জোনাই অগ্নিনিৰ্বাপক বাহিনীয়ে উপস্থিত হৈ জুই নুমাবলৈ সক্ষম হয়।
লগতে পঢ়ক:Revived village in Dhemaji:হেৰুৱা ঠিকনা বিচাৰি পাই আনন্দিত গাঁওবাসী