Fire breaks out at GMCH : GMCH ত ভয়ংকৰ অগ্নিকাণ্ড; ৰোগীৰ মাজত হাহাকাৰ - GMCH ত ভয়ংকৰ অগ্নিকাণ্ড
🎬 Watch Now: Feature Video
গুৱাহাটী, 3 এপ্ৰিল : গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভয়ংকৰ অগ্নিকাণ্ড (Massive fire breaks out at GMCH)। সোমবাৰে বিয়লি প্ৰায় 5:24 বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পুৰণি বিল্ডিঙৰ প্ৰথম মহলাত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা । এই অগ্নিকাণ্ডৰ ফলত ক’লা ধোঁৱাই নিমিষতে ছানি ধৰে চিকিৎসা মহাবিদ্যালয়খনৰ প্ৰথম মহলা ।
যাৰ ফলত ৰোগী আৰু ৰোগীৰ আত্মীয়ৰ মাজত সৃষ্টি হয় এক হাহাকাৰময় পৰিস্থিতি । তাৰ পাচতে ততাতৈয়াকৈ প্ৰথম মহলাৰ পৰা স্থানান্তৰ কৰা হয় ৰোগীক । শ্বট চাৰ্কিটৰ ফলতে প্ৰথম মহলাৰ ক্লিনিকেল লেবৰ পৰা এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে । এই অগ্নিকাণ্ডৰ ফলত জ্বলি গৈছে লেবটোৰ বহু গুৰুত্বপূৰ্ণ নথি-পত্ৰ ।
বহু চেষ্টাৰ অন্তত পাণবজাৰ পৰা 3 খন, চানমাৰিৰ পৰা 1 খন আৰু দিছপুৰৰ পৰা 2 অগ্নিনিৰ্বাপক বাহিনীৰ বাহনে এই অগ্নিকাণ্ড নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ।
লগতে পঢ়ক : Firing in Guwahati: মহানগৰীৰ বিৰুবাৰীত সাংবাদিকৰ শূন্যলৈ গুলীচালনা