বিধ্বংসী অগ্নিকাণ্ডত জাহ গ’ল কেইবা লক্ষাধিক টকাৰ সা-সম্পত্তি
🎬 Watch Now: Feature Video
ডিব্ৰুগড়, 4 জানুৱাৰী : নাহৰকটীয়াৰ আমোলাপত্তিত বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয় । সুভ্ৰজিত নন্দী নামৰ এগৰাকী টেক্স কনচালটেণ্টৰ বাসগৃহত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । অগ্নিকাণ্ডৰ ফলত জাহ যায় কেইবা লক্ষাধিক টকাৰ সা-সম্পত্তি আৰু গুৰুত্বপূৰ্ণ নথি পত্ৰ । ঘটনাৰ পাছতেই অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখিছে । এতিয়ালৈকে জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ কাৰণ ।
উল্লেখ্য যে, দুটামান দিনৰ পূৰ্বে নাহৰকটীয়াৰ গোৱালপট্টীৰ নিবাসী দীপক ছেত্ৰীৰ জাৰ্ছি ফাৰ্মৰ বাবে মজুত ৰখা এটা খেৰৰ মেজিত আকস্মিকভাৱে জুই লগাত কাষতে থকা ৩ টাকৈ ঘৰ জুইয়ে আৱৰি ধৰিছিল । এই অগ্নিকাণ্ডৰ পাছতে নাহৰকটীয়াৰ অগ্নিনিৰ্বাপক বাহিনীৰ দুখনকৈ গাড়ী আৰু দুলীয়াজানৰ পৰা অহা এখন অগ্নিনিৰ্বাপকৰ গাড়ীয়ে জুই নিৰ্বাপন কৰিবলৈ চেষ্টা চলাই যদিও ৩ টাকৈ ঘৰত জুইয়ে যথেষ্ট ক্ষতি সাধন কৰে । এই ঘটনাৰ উত্তেজনা মাৰ নৌযাওঁতেই পুনৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাত নাহৰকটীয়াত উত্তেজনাপূৰ্ণ পৰিৱেশৰ সৃষ্টি হৈছে ।
লগতে পঢ়ক : বিধ্বংসী অগ্নিকাণ্ড: জুইত জাহ গ’ল প্ৰায় দহ লাখ টকাৰ সামগ্ৰী