thumbnail

Fire in Silapathar: বিধ্বংসী অগ্নিকাণ্ডত ভষ্মীভূত দুখনকৈ দোকান

By

Published : May 28, 2023, 4:25 PM IST

জোনাই,২৮ মে': দেওবাৰে পুৱাৰ ভাগত চিলাপথাৰ নগৰত সংঘটিত হয় এক ভয়ানক অগ্নিকাণ্ড । অগ্নিকাণ্ডত জ্বলি চাৰখাৰ হয় নগৰখনৰ চিলাপথাৰ-লিকাবালি পথৰ 'ফুডভিলা আৰু পাঞ্জাৱ হোটেল'খন । লগতে ভষ্মীভূত হয় কেইবাটাও বাসগৃহ । দেওবাৰে পুৱাৰ ভাগতে কোনো অজ্ঞাত কাৰণত হঠাৎ জ্বলি উঠিল নগৰৰ 'ফুড ভিলা' নামৰ হোটেলখন (Massive Fire Breakout in Silapathar) ।  

ঘটনাস্থলীৰ পৰা অহা বিকট শব্দ শুনি হুৱাদুৱা লাাগে স্থানীয় ৰাইজৰ মাজত । নিমিষতে এফালৰ পৰা জ্বলি নিঃশেষ হ'ল হোটেলখন । অগ্নিকাণ্ডৰ খবৰ পাই তাৎক্ষণিকভাৱে ঘটনাস্থলীত উপস্থিত হয় চিলাপথাৰ আৰু অৰুণাচল প্ৰদেশৰ লিকাবালিৰ অগ্নিনিৰ্বাপক বাহিনী (Fire in Silapathar) ।  

অগ্নিনিৰ্বাপক বাহিনীৰ জোৱানসকলে স্থানীয় ৰাইজৰ সহযোগত প্ৰায় এক ঘণ্টাৰ অন্তত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় । অগ্নিকাণ্ডৰ ফলত অপূৰণীয় ক্ষতিৰ সন্মুখীন হয় পৰিয়ালকেইটা । ঘটনাস্থলীৰ পৰা চাৰিটাকৈ জ্বলা চিলিণ্ডাৰ উদ্ধাৰ হয় বুলি জানিবপৰা গৈছে । ঘটনাৰ প্ৰকৃত কাৰণ এই পৰ্যন্ত জানিব পৰা হোৱা নাই । 

লগতে পঢ়ক: Oil India Limited : অসম-নাগালেণ্ড সীমান্তত অইল ইণ্ডিয়াই কৰিব তেলৰ অন্বেষণ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.