Margherita fire incident : মাৰ্ঘেৰিটাত বিধ্বংসী অগ্নিকাণ্ড, ভস্মীভূত এটা বাসগৃহ - Margherita fire incident
🎬 Watch Now: Feature Video
তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত ভয়ংকৰ অগ্নিকাণ্ড (Massive fire at Margherita)। সকলোৱে নৱবৰ্ষক আদৰাক লৈ ব্যস্ত থকাৰ মাজতে মাৰ্ঘেৰিটা মহকুমাৰ লেখাপানী থানাৰ অন্তৰ্গত কুমচাই গাঁৱত আজি পুৱা সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ডটো ৷ অগ্নিকাণ্ডত এটা পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণ ভস্মীভূত হয় । গাঁওখনৰ লাখং চিংফৌ নামৰ ব্যক্তিজনৰ বাসগৃহত পুৱা প্ৰায় ৫.৩০ মান বজাত জুইৰ সূত্ৰপাত হয় । জানিব পৰা মতে অগ্নিকাণ্ডত প্ৰায় ১০ লাখ টকাৰ সম্পত্তিৰ লগতে গুৰুত্বপূৰ্ণ নথিপত্ৰ জ্বলি চাৰখাৰ হয় (Property destroyed in fire at Margherita)। ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনাই পুৱাই সংঘটিত এই অগ্নিকাণ্ডক লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । জানিব পৰা মতে ঘটনাস্থলীত লেখাপানী আৰক্ষী উপস্থিত হৈ অগ্নিকাণ্ডৰ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে । অৱশ্যে জুইৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই ।
Last Updated : Feb 3, 2023, 8:38 PM IST