কাছাৰৰ বৰখলাত ভয়ংকৰ অগ্নিকাণ্ডত ভস্মীভূত গৃহ - বৰখলাত ভয়ংকৰ অগ্নিকাণ্ড
🎬 Watch Now: Feature Video


Published : Jan 10, 2024, 4:32 PM IST
শিলচৰ, ১০ জানুৱাৰী : কাছাৰ জিলাৰ বৰখলা বদৰপুৰ-মাছিমপুৰ জিপিত যোৱা নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড । এই অগ্নিকাণ্ডত জাহ গ'ল এটা ঘৰসহ গোহালি । মঙলবাৰে নিশা কাছাৰৰ বৰখলা বদৰপুৰ-মাছিমপুৰ জিপিত সংঘটিত হৈছে এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । জানিব পৰা মতে, নিশা হঠাতে স্থানীয় সতু দে' নামৰ এজন লোকৰ গোহালি ঘৰত জুইৰ সূত্ৰপাত ঘটে । মুহূৰ্ততে জুইৰ লেলিহান শিখাই ছানি ধৰে গোহালিসহ কাষতে থকা এটা ঘৰ ।
এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হোৱাৰ পিচতেই স্থানীয় লোকসকলে জুই নিৰ্বাপিত কৰিবলৈ চেষ্টা কৰে যদিও মুহূৰ্ততে ভস্মীভূত হয় দুয়োটা ঘৰ । শ্বৰ্ট চাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাত ঘটিছে বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ।