Moran Erosion: মৰাণৰ ভগামূৰত বুঢ়ীদিহিঙে টোপনি কাঢ়িছে ৰাইজৰ - মৰাণৰ ভগামুৰত বুঢ়ীদিহিঙে টোপনি কাঢ়িছে ৰাইজৰ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 3, 2023, 1:28 PM IST

ডিব্ৰুগড়, 30 জুলাই: ডিব্ৰুগড় জিলাৰ মৰাণ বিধানসভা সমষ্টিৰ অন্তৰ্গত ভগামূৰত বুঢ়ীদিহিং নদীৰ খহনীয়াই লৈছে ভয়ংকৰ ৰূপ ৷ প্ৰায় শতাধিক পৰিয়ালৰ মাজলৈ ভাবুকি কঢ়িয়াই আনিছে বুঢ়ীদিহিঙে । স্থানীয় বিধায়ক চক্ৰধৰ গগৈৰ তৎপৰতাত খহনীয়া ৰোধৰ চেষ্টাৰে জলসম্পদ বিভাগে প্ৰায় 500 মিটাৰ দৈৰ্ঘ্য জিঅ’বেগেৰে ৰিং বান্ধ নিৰ্মাণ কৰিছে ৷ কিন্তু নিৰ্মাণৰত ৰিং বান্ধৰ পৰা প্ৰায় দুই কিলমিটাৰ নিলগত খহনীয়াই লৈছে ভয়ংকৰ ৰূপ ৷ সেয়ে চিন্তিত হৈছে দুখনকৈ গাঁৱৰ ৰাইজ ।

উল্লেখযোগ্য যে, যদিহে এই বছৰৰ ভিতৰত উক্ত অঞ্চলটোত যদি জলসম্পদ বিভাগে খহনীয়া ৰোধৰ চেষ্টা নকৰে তেন্তে অগন্তুক দিনত পানীৰ তলত থাকিব লাগিব প্ৰায় শতাধিক পৰিয়ালে । ইফালে মৰাণৰ বিধায়ক চক্ৰধৰ গগৈয়ে গৰাখহনীয়া পৰিদৰ্শন কৰি ভগামূৰবাসীক খৰালি কালত উক্ত স্থানত খহনীয়া ৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে । এই মন্তব্য কৰে স্থানীয় ৰাইজে ৷ 

লগতে পঢ়ক: Unidentified Animal Disease: মৰাণৰ বিভিন্ন প্ৰান্তত অচিন ৰোগত আক্ৰান্ত শ শ গৰু-ছাগলী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.