9 বছৰতো সম্পূৰ্ণ নহ'ল কলিয়াবৰৰ কোটি টকীয়া উৰণ সেতু - উৰণ সেতু
🎬 Watch Now: Feature Video


Published : Jan 7, 2024, 9:20 AM IST
কলিয়াবৰ, 7 জানুৱাৰী : নগাঁও জিলাৰ কলিয়াবৰৰ চাৰিলেনযুক্ত পথ নিৰ্মাণত ব্যাপক বিসংগতিৰ অভিযোগ উত্থাপিত হৈছে ৷ বিগত 9 বছৰতো সম্পূৰ্ণ নহ'ল কলিয়াবৰ তিনিআলিৰ বহু কোটি টকীয়া উৰণ সেতুৰ কাম ৷ কেন্দ্ৰীয় চৰকাৰৰ ৰাজধানী সংযোগ প্ৰকল্পৰ অধীনত নগাঁৱৰ পৰা ইটানগৰলৈ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত বিগত 9 বছৰ ধৰি নিৰ্মাণ অব্যাহত আছে উৰণ সেতুৰ ৷ NHIDCL ৰ অধীনত Simplex নামৰ এটা প্ৰতিষ্ঠানে নিৰ্মাণ কৰি আছে এই উৰণ সেতুখন ৷
কিন্তু উৰণ সেতু নিৰ্মাণৰ কাম লেহেমীয়া হোৱাৰ বাবে আজি পৰ্যন্ত সম্পূৰ্ণ নহ’ল উৰণ সেতু। যাৰ পৰিণতিত অসুবিধাৰ সন্মুখীন হৈছে পথাচাৰী তথা উজনি-নামনি-উত্তৰপাৰলৈ অহা-যোৱা কৰা যাত্ৰী ৷
আনহাতে, কলিয়াবৰ তিনিআলিৰ কোনো স্থানতে ৰখা হোৱা নাই সেৱা-পথ, স্থায়ী নলা-নৰ্দমাৰ লগতে যাৱতীয় সা-সুবিধা । যোগাযোগৰ ফালৰ পৰা সদাব্যস্ত এই তিনিআলিটোত সেৱা পথ আৰু নলা-নৰ্দমা নিৰ্মাণৰ বাবে স্থানীয় এক সংগঠনে তৰা এক গোচৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিছিল যদিও ৰাষ্ট্ৰীয় ৰাজমাৰ্গ উন্নয়ন আৰু বিকাশ প্ৰাধিকৰণে কাণসাৰ দিয়া দেখা নগ'ল ।