Awareness rally:মদ-ভাং, ড্ৰাগছৰ বেহা যিদৰে গঢ় লৈ উঠিছে, এসময়ত মানুহ বোলা পৰিচয়টো নাথাকিবগৈ! - বঙালমৰাৰ তিনিঠেঙীয়া মছজিদ কমিটি
🎬 Watch Now: Feature Video


Published : Sep 16, 2023, 8:10 PM IST
বিহপুৰীয়া, 16 ছেপ্টেম্বৰ : সমাজত বৰ্তমান সময়ত গা কৰি উঠিছে অনৈতিক কাৰ্যকলাপে ৷ এই অনৈতিক কাৰ্যকলাপৰ বিৰুদ্ধে ওলাই আহিছে মছজিদ পৰিচালনা সমিতি ৷ সজাগতা সমদলৰ আয়োজন কৰা হৈছে লখিমপুৰত ৷ বছৰ বছৰ ধৰি চলি থকা সমাজৰ অনৈতিক কাৰ্যকলাপৰ বিৰুদ্ধে লখিমপুৰ জিলাৰ বঙালমৰাৰ তিনিঠেঙীয়া মছজিদ কমিটিয়ে এক সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে ৷ মানুহৰ মাজত সচেতনতা বৃদ্ধিৰ বাবে বিহপুৰীয়া আৰক্ষী থানাৰ সহযোগত তিনিঠেঙীয়া জামে মছজিদ পৰিচালনা সমিতিয়ে এক বিশাল সজাগতা সমদলৰ আয়োজন কৰিছে ৷
সজাগতা সমদলত শতাধিক গাঁৱৰ সচেতন লোক ওলাই আহিছে ৷ হাতে হাতে বেনাৰ পোষ্টাৰ লৈ বিভিন্ন শ্ল’গান দিয়া পৰিলক্ষিত হৈছে ৷ মদ, ভাং, ড্ৰাগছ অথবা প্ৰতিবিধ নিচাজাতীয় সামগ্ৰীৰ লগতে নকল সোণ, জাল নোটৰ বিৰুদ্ধে সকলোকে কঠোৰ হ’বলৈ আহ্বান জনাইছে মছজিদ কমিটিয়ে ৷
লগতে পঢ়ক : Street play in Lakhimpur: হঠাৎ লখিমপুৰত যমৰাজ আৰ্বিভাৱ হৈ চলালে তাণ্ডৱ