thumbnail

TMPK Golden Jubilee : TMPKৰ সোণালী জয়ন্তী উপলক্ষে গোগামুখত গণ শ্ৰমদান

By

Published : Dec 24, 2022, 3:37 PM IST

Updated : Feb 3, 2023, 8:36 PM IST

অসমৰ অন্যতম জনগোষ্ঠী মিচিংসকলৰ জাতীয় সংগঠন সদৌ মিচিং ছাত্ৰ সন্থা চমুকৈ TMPKৰ গৌৰৱোজ্জ্বল সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান আৰু অষ্টম মিচিং যুৱ মহোৎসৱ সমাগত (TMPK Golden Jubilee closing ceremony)। ধেমাজি জিলাৰ গোগামুখত অনুষ্ঠিত হ'ব এই দুয়োটা কাৰ্যসূচী (8th Missing Youth Festival) ৷ গোগামুখৰ চুমনি গাঁও ৰাজহুৱা পথাৰত ২ ফেব্ৰুৱাৰীৰ পৰা ৫ ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হ'বলগীয়া উক্ত সোণালী জয়ন্তী বৰ্ষৰ প্ৰস্তুতি হিচাপে শনিবাৰে সহস্ৰাধিক লোকে গণ শ্ৰমদান কাৰ্যসূচীত অংশগ্ৰহণ কৰে (Mass Shramdaan Program in Dhemaji)৷ ধেমাজি জিলা সমিতি টি এম পি কে, এম এম কে আৰু টি এম এম কেৰ আহ্বানত আৰু বিভিন্ন দল-সংগঠন, স্থানীয় ৰাইজৰ সহযোগত ৰূপায়ণ কৰা উক্ত গণ শ্ৰমদান কাৰ্যসূচী শুভাৰম্ভ কৰে মিচিং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ অভ্যৰ্থনা সমিতিৰ সভাপতি পৰমানন্দ চায়েঙীয়াই ৷ ইয়াৰ পাছতে হাতত দা, কোৰ, কুঠাৰ আদি লৈ উদযাপনস্থলী পৰিষ্কাৰৰ কামত জড়িত হৈ পৰে লোকসকল (Missing Youth Festival preparations)৷ উল্লেখ্য যে ২২৮ বিঘা ভূমি সামৰি ইতিমধ্যে উদযাপন সমিতিয়ে মূল মণ্ডপ, মঞ্চ, ভোজনালয়, প্ৰদৰ্শনী, অতিথিশালা, গ্ৰন্থমেলা, মূল তোৰণৰ নিৰ্মাণত গুৰুত্ব দিছে ।
Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.