বিশ্বকাপ বিজয়ৰ অৰ্থে নগাঁৱত দোৱা

By ETV Bharat Assamese Team

Published : Nov 19, 2023, 2:13 PM IST

thumbnail

নগাঁও, ১৯ নৱেম্বৰ : বহু প্রত্যাশিত বিশ্বকাপ ক্ৰিকেট ফাইনেলত ভাৰতীয় ক্রিকেট দলৰ বিজয়ৰ বাবাবে বিভিন্ন প্ৰান্তত চলি আছে প্ৰাৰ্থনা । নগাঁৱতো ভাৰতীয় ক্ৰিকেট দলৰ বিজয়ৰ বাবে কোৰাণ পাঠৰ লগতে চলি আছে দোৱা প্ৰাৰ্থনা । সমগ্ৰ দেশ তথা ৰাজ্যত বিশ্বকাপ ক্ৰিকেট খেলক লৈ আৰম্ভ হৈছে ব্যাপক উৎসাহ-উদ্দীপনা । মন্দিৰ মছজিদত ভাৰতীয় দলৰ জয়ৰ লক্ষ্যৰে চলিছে দোৱা প্ৰাৰ্থনা ।

আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া বিশ্বকাপ ক্ৰিকেট ফাইনেলত ভাৰতীয় ক্ৰিকেট দলৰ বিজয়ৰ বাবে নগাঁৱৰ ধিঙৰ বেছামাৰীৰ আশ্ৰাফুল উলুম মাদ্ৰাছাতো কোৰাণ পাঠ আৰু ৰাজহুৱা দোৱা অনুষ্ঠিত হয় । ভাৰতীয় দলৰ বিজয় কামনাৰে শিক্ষক ছাত্ৰসকলে একত্ৰিত হৈ কোৰাণ পাঠ কৰাৰ লগতে কৰিছে সমূহীয়া দোৱা । তেওঁলোকৰ আশা পৰম কৰুণাময় আল্লাই ভাৰতীয় খেলুৱৈসকলক শক্তি দিব আৰু খিতাপ অৰ্জন কৰিবলৈ সক্ষম হ'ব ।

লগতে পঢ়ক: বিশ্বকাপ বিজয়ৰ অৰ্থে ঢেকীয়াখোৱা বৰনামঘৰত সেৱা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.