Kaliabhomora Marathon 2023:শ্বহীদ নৰেন্দ্ৰ নাথ মহন্তৰ সোঁৱৰণত কলিয়াভোমোৰা মাৰাথন দৌৰ

By ETV Bharat Assamese Team

Published : Nov 8, 2023, 2:33 PM IST

thumbnail

কলিয়াবৰ, ৮ নৱেম্বৰ: কলিয়াবৰত সদৌ অসম ভিত্তিত অনুষ্ঠিত হয় কলিয়াভোমোৰা মাৰাথন দৌৰ প্ৰতিযোগিতা । মাধ্যম আন্দোলনৰ পঞ্চম শ্বহীদ নৰেন্দ্ৰ নাথ মহন্তৰ সোঁৱৰণত কলিয়াবৰ কেন্দ্ৰীয় ছাত্র সন্থাই বিগত বৰ্ষৰ দৰে এই বৰ্ষতো আয়োজন কৰে শ্বহীদ দিৱস । এই শ্বহীদ দিৱসৰ লগত সংগতি ৰাখি বুধবাৰে আয়োজন কৰে ৩৫ সংখ্যক সদৌ অসম কলিয়াভোমোৰা মাৰাথন দৌৰ প্ৰতিযোগিতা । পুৱা ৫:৩০ বজাত কুঁৱৰীটোলৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দৌৰ পতাকা জোকাৰি শুভাৰম্ভণি কৰে কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া ৰূপজ্যোতি দত্তই ।  

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে এই মাৰাথন দৌৰ প্ৰতিযোগিতাত । এই মাৰাথন দৌৰ প্ৰতিযোগিতাত প্ৰথম স্থান দখল কৰে গোলাঘাটৰ তিখেশ্বৰ কুৰ্মীয়ে । আনহাতে,দ্বিতীয় স্থান সৰ্থেবাৰীৰ ৰবীন দাস আৰু তৃতীয় স্থান দখল কৰে মৰিগাঁৱৰ ভূপেন ডেকাই ।

লগতে পঢ়ক:Protest against Oil: অইল ইণ্ডিয়াৰ মূখ্য পৰিচালকৰ পুত্তলিকা জ্বলাই প্ৰতিবাদ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.