গান্ধী জয়ন্তী উপলক্ষে চন্দ্ৰপুৰত মাৰাথন প্ৰতিযোগিতা

By

Published : Oct 2, 2022, 1:03 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

thumbnail
আজি জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ ১৫৪ সংখ্যক জন্মজয়ন্তী (154th Birth Anniversary of Mahatma Gandhi)। সমগ্ৰ দেশে দেওবাৰে শ্ৰদ্ধাৰে সোঁৱৰিছে জাতিৰ পিতাক । গান্ধী জয়ন্তী উপলক্ষে গুৱাহাটী মহানগৰীৰ নিকটৱৰ্তী চন্দ্ৰপুৰত অনুষ্ঠিত হয় মাৰাথন দৌৰ প্ৰতিযোগিতা (Marathon competition at Chandrapur)। দেওবাৰে খামব্ৰেঙা খেল পৰিচালনা সমিতিৰ উদ্যোগত লায়নছ ক্লাব গুৱাহাটীৰ (Lions Club Guwahati) সহযোগত অনুষ্ঠিত হয় এই মাৰাথন দৌৰ প্ৰতিযোগিতা । পুৱা ৫.৩০ বজাৰ পৰা আৰম্ভ হোৱা প্ৰতিযোগিতাখনি তিনিটা শাখাত অনুষ্ঠিত হয় । পুৰুষ শাখাৰ ৪২ কিলোমিটাৰ, মহিলা ১৬ আৰু সৰু লৰা-ছোৱালীৰ ১০ কিলোমিটাৰৰ মাৰাথন দৌৰ অনুষ্ঠিত হয় । প্ৰতিযোগিতাখনিত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দুই শতাধিক প্ৰতিযোগিয়ে অংশগ্ৰহণ কৰে ।
Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.