Maran Jatiya Mahila Parishad : দুদিনীয়া কাৰ্যসূচীৰে মৰাণ জাতীয় মহিলা পৰিষদৰ প্ৰতিষ্ঠা দিৱস - মৰাণ জাতীয় মহিলা পৰিষদৰ প্ৰতিষ্ঠা দিৱস

🎬 Watch Now: Feature Video

thumbnail

By

Published : Mar 31, 2023, 2:21 PM IST

তিনিচুকীয়া, 31 মাৰ্চ : মৰাণ জনগোষ্ঠীৰ একমাত্ৰ মহিলা সংগঠন তথা সদৌ মৰাণ ছাত্ৰ সন্থাৰ ভগ্নী সংগঠন মৰাণ জাতীয় মহিলা পৰিষদৰ ২৯ তম প্ৰতিষ্ঠা দিৱস তিনিচুকীয়া জিলাৰ পেঙেৰী টেকেৰী মধ্য ইংৰাজী বিদ্যালয় খেলপথাৰত দুদিনীয়া কাৰ্যসূচীৰে পালন কৰা হৈছে ৷ "ব্ৰহ্মভূজ সমন্বয় ক্ষেত্ৰত" মৰাণ জাতীয় মহিলা পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত তথা পেঙেৰী - বৰডুমচা আঞ্চলিক সমিতি আৰু টেকেৰীবাসী ৰাইজৰ সহযোগত ৩০ আৰু ৩১ মাৰ্চত দুদিনীয়াকৈ আয়োজন কৰা হৈছে ৷  প্ৰথম দিনা প্ৰৱেশদ্বাৰ উন্মোচন, পতাকা উত্তোলন, স্মৃতি তৰ্পণ, গছপুলি ৰোপণ, গ্ৰন্থমেলা আৰু বিপণী উদ্বোধনৰ লগতে বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায় ( Foundation Day of Maran Jatiya Mahila Parishad)। 

তদুপৰি, সন্ধিয়ালৈ স্থানীয় শিল্পীৰ দ্বাৰা বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয় । শেষৰ দিনৰ কাৰ্যসূচী হিচাপে মুকলি সভাত জ্যেষ্ঠ সাংবাদিক নিতুমণি শইকীয়া, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক পল্লৱী ডেকা বুজবৰুৱা, বিভিন্ন জাতীয় জনগোষ্ঠীয় দল-সংগঠনৰ নেতৃত্বৰ লগতে কেইবাগৰাকীও গণ্যমান্য ব্যক্তি উপস্থিত থাকে ৷ অনুষ্ঠানৰ দ্বিতীয় দিনা অৰ্থাৎ আজি আমন্ত্ৰিত শিল্পীৰ দ্বাৰা বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ লগতে সংগীতানুষ্ঠানৰে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ সামৰণি পৰিব বুলি জানিবলৈ পৰা গৈছে (Maran Jatiya Mahila Parishad 29th Foundation Day )৷ 

অন্তিম দিনৰ কাৰ্যসূচীত ৰাইজৰ সহায় সহযোগিতা তথা উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে আয়োজকসকলে ৷

লগতে পঢ়ক : Miscreants cut down many trees: দুৰ্বৃত্তই কাটি নিলে বড়িপাৰা আঞ্চলিক শ্মশানৰ বহু সংখ্যক গছ, প্ৰতিক্ৰিয়া অব্যাহত

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.