thumbnail

By

Published : May 17, 2023, 1:01 AM IST

ETV Bharat / Videos

Tomato crops at Merapani: ধুমুহাই স্বপ্নভংগ কৰিলে মেৰাপানীৰ বহু কৃষকৰ

তিতাবৰ, 16 মে’ : সপোন আছিল এইবাৰ খেতিৰ পৰা ভালদৰে উপাৰ্জন হ’ব ৷ ঘৰখনে দুৱেলা দুমুঠি ভালদৰে খাব ৷ কিন্তু বিধিৰ বিপাক ৷ ভাঙি গ’ল মেৰাপানীৰ বহু কৃষকৰ সপোন ৷ হঠাৎ অহা শিল-বৰষুণে নষ্ট কৰিলে লমা লমে লাগি থকা শ শ বিঘা বিলাহী খেতি ৷ সপোনৰ খেতিডৰাৰ এই অৱস্থা দেখা পাই এতিয়া মূৰে কঁপালে হাত দিব লগা পৰিস্থিতি হৈছে মেৰাপানীৰ বিলাহী খেতিয়কসকলৰ (Tomato crops damaged due to Heavy rain at Merapani) ৷

হঠাৎ অহা শিল-বৰষুণৰ ফলত বিশেষকৈ মেৰাপানী সীমান্তত থকা চাওদাং পথাৰ, হাপেখাতি কাছমাৰী তৰাণী বিভিন্ন অঞ্চলৰ কৃষকে লোকচানৰ সন্মুখিন হ’ব লগাত পৰিছে (Tomato crops at Merapani)৷ কিয়নো লাখ লাখ টকা খৰচ কৰি কোনোজন খেতিয়কে ঋণ লৈ নাইবা গাঁঠিৰ ধন ভাঙি কৰিছিল বিলাহীৰ খেতি ৷ কিন্তু সেই খেতিৰ ফল এতিয়া পানীৰ দৰত বিক্ৰী কৰিব লগা অৱস্থা হৈছে ৷

আনকি কোনো কোনো খেতিয়কে তিনি পৰা চাৰি টকা দৰত বিলাহী বিক্ৰী কৰিব লগাত পৰিছে ৷ উচিত মূল্য নাপায়  বহু খেতিয়কে এতিয়া নিজৰ সপোনৰ খেতি দৰাত মেলি দিছে গৰু ৷ ইফালে এই দুৰ্ভগীয়া কৃষকসকলৰ খবৰ ল’বলৈ অহা নাই কৃষি বিভাগৰ কোনো লোক ৷ এই অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী সীমান্তবাসী কৃষকসকলে ৷

লগতে পঢ়ক : Bhut jolokia crops damaged : ধুমুহাই স্বপ্ন ভংগ কৰিলে ধেমাজিৰ ভোট জলকীয়া কৃষকৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.