Constituency Delimitation 2023 : কৰ্তন হ’ল আমগুৰি সমষ্টিৰ নাম; মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে প্ৰতিবাদ বহু সংগঠনৰ - মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে প্ৰতিবাদ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 12, 2023, 8:56 AM IST

আমগুৰি, ১২ আগষ্ট : ভাৰতীয় নিৰ্বাচন আয়োগে প্ৰকাশ কৰিলে সমষ্টি পুনঃনিৰ্ধাৰণৰ চূড়ান্ত খচৰা তালিকা ৷ এই তালিকা প্ৰকাশৰ পিচতেই এতিয়া উত্তেজিত হৈ পৰিছে আমগুৰি ৷ কিয়নো সমষ্টি পুনঃনিৰ্ধাৰণৰ চূড়ান্ত খচৰা তালিকাত নাই আমগুৰি সমষ্টিৰ নাম ৷ সেয়ে খঙত অগ্নিগৰ্ভা হৈ পৰিছে আমগুৰিৰ কেবাটাও দল-সংগঠন ৷

আমগুৰি সমষ্টিৰ নাম কৰ্তনৰ পাচতেই শুকুৰবাৰে নিশা আমগুৰি চাৰিআলিত আমগুৰিৰ বহুকেইটা জাতীয় সংগঠনে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু ভাৰতীয় নিৰ্বাচন আয়োগৰ প্ৰতিকৃতি দাহ কৰি সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ৷ এই প্ৰতিবাদী কাৰ্যসূচীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, বীৰ লাচিত সেনা, আহোম সেনাৰ বিষয়ববীয়ায়ো অংশগ্ৰহণ গ্ৰহণ কৰে ।

এই প্ৰতিবাদস্থলীত মুখ্যমন্ত্ৰী আৰু ভাৰতীয় নিৰ্বাচন আয়োগৰ প্ৰতিকৃতি দাহ কৰাৰ লগতে আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ বিৰুদ্ধেও সোচ্চাৰ হৈ উঠে জাতীয় সংগঠনকেইটা । বিধায়ক প্ৰদীপ হাজৰিকাই আমগুৰি সমষ্টি ৰক্ষাত কোনো ধৰণৰ ভূমিকা গ্ৰহণ নকৰাৰ অভিযোগ তুলি জাতীয় সংগঠনকেইটাই প্ৰদীপ হাজৰিকাৰ এনে কাৰ্যক ধিক্কাৰ প্ৰদান কৰে ।

লগতে পঢ়ক : Anup Chetia: NRC প্ৰকাশ নোপোৱাটো ৰাজনৈতিক মায়াজাল; অনুপ চেতিয়া

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.