Amguri constituency abolished: বিলুপ্ত আমগুৰিত স্তব্ধ জনজীৱন; ৰাজপথত জুই

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 14, 2023, 8:13 AM IST

আমগুৰি, 14 আগষ্ট: কেইবাটাও সংগঠনে আহ্বান জনোৱা আমগুৰি সমষ্টি বন্ধৰ ব্যাপক প্ৰভাৱ পৰিছে আমগুৰিত ৷ আজি পুৱা ৫ বজাৰ পৰা বিয়লি ৫ বজালৈ আমগুৰি সমষ্টি বন্ধ ঘোষণা কৰিছিল কেইবাটাও জাতীয় সংগঠনে ৷ আনহাতে পুৱাৰ পৰা আমগুৰিৰ ঠায়ে ঠায়ে প্ৰতিবাদকাৰীয়ে টায়াৰ জ্বলাই সাব্যস্ত কৰিছে প্ৰতিবাদ ৷ ৩৭ আৰু ৬১ নং ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই প্ৰতিবাদ আমগুৰি সমষ্টি সুৰক্ষা সমিতি, ছাত্ৰ মুক্তি, কৃষক মুক্তি, বীৰ লাচিত সেনা, অসমীয়া যুৱ মঞ্চ, আটাছু, আহোম সেনাৰ কৰ্মীৰ ৷ এই বন্ধৰ ফলত আমগুৰি নগৰৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ হৈ পৰিছে ৷
নিৰ্বাচন আয়োগে সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত খচৰা তালিকা প্ৰকাশৰ পিচতেই আমগুৰিত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল ৰাইজে । আমগুৰি সমষ্টি কৰ্তনৰ পাচতেই দলৰ পৰা পদত্যাগ কৰিছিল বৰ্তমানৰ বিধায়ক প্ৰদীপ হাজৰিকাই ৷ এফালে দল-সংগঠনে বিধায়ক প্ৰদীপ হাজৰিকাৰ বিৰুদ্ধে সৰৱ হৈ পৰিছিল ৷  

লগতে পঢ়ক:Constituency delimitation final list: আমগুৰি সমষ্টি কৰ্তনৰ পিছতেই আমগুৰি অগপত বিদ্ৰোহ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.