Asian openbill stork killed: যোৰহাটত এজাক ধুমুহাই প্ৰাণ ল’লে বিৰল প্ৰজাতি কেইবা শ পক্ষীৰ - বিৰল প্ৰজাতি সস্ৰাধিক পক্ষী
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/08-09-2023/640-480-19458695-thumbnail-16x9-jrhttt.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Sep 8, 2023, 1:38 PM IST
যোৰহাট, 8 ছেপ্টেম্বৰ : এজাক ধুমুহাই প্ৰাণ ল’লে কেইবা শ পক্ষীৰ ৷ যি ঘটনাই শোকাকুল কৰি তুলিছে প্ৰকৃতিপ্ৰেমীক ৷ তথ্য অনুসৰি, বৃহস্পতিবাৰে নিশা ভাগত আহিছিল এজাক প্ৰচণ্ড ধুমুহা ৷ এই ধুমুহাই যোৰহাট নগৰ নাতিদূৰৈৰ ৰংদৈ ভগনীয়া গাঁৱত চলালে তাণ্ডৱলীলা ৷ প্ৰচণ্ড বেগত অহা ধুমুহাজাকত উভালি পৰিল ডাঙৰ ডাঙৰ গছ ৷ ফলত ভাঙিল বহু পক্ষীৰ বাহ ৷ আনকি মৃত্যু হ’ল অসংখ্য দুৰ্লভ প্ৰজাতিৰ শামুক ভঙা পক্ষীৰ ৷
আনহাতে, স্থানীয় প্ৰকৃতি প্ৰেমী যুৱক আৰু বন বিভাগৰ সহযোগত আঘাতপ্ৰাপ্ত কেবাটাও দুৰ্লভ প্ৰজাতিৰ পক্ষীক উক্ত স্থানতে প্ৰাথমিক চিকিৎসা কৰোৱা হয় । তাৰ পিচত সুস্থ হৈ পৰা কিছু পক্ষীক বন বিভাগৰ হাতত হস্তান্তৰ কৰা হয় । ইফালে মৃত সস্ৰাধিক পক্ষীক বৰ্তমান স্থানীয় ৰাইজ আৰু বন বিভাগ সহযোগত পুতি পেলোৱা হয় ।
লগতে পঢ়ক : Theft at Moinbari Satra: মইনবড়ী সত্ৰত চুৰিকাণ্ড; ৰাধা-কৃষ্ণৰ মূৰ্তি লুট, ছিন্ন বিছিন্ন হনুমানৰ মূৰ্তি