First day of Bohag : পুৱাৰে পৰা মাজুলীৰ সত্ৰসমূহত ভক্তৰ ভিৰ
🎬 Watch Now: Feature Video
মাজুলী, 15 এপ্ৰিল : আজি পহিলা ব’হাগ (First day of Bohag) ৷ অৰ্থাৎ মানুহৰ বিহু (Manuh Bihu 2023) ৷ ৰঙালীৰ ৰঙত মতলীয়া হৈছে এতিয়া ৰাজ্যবাসী । ইয়াৰ মাজতে আজি অসমীয়া নতুন বছৰৰ প্ৰথমটো দিন বুলি নেদেখাজনৰ ওচৰত আশীষ বিচাৰি মাজুলীৰ সত্ৰ, নামাঘৰসমূহত ভিৰ কৰিছেহি অগণন ভক্তই ।
বছৰৰ প্ৰথমটো দিনত নেদেখাজনৰ ওচৰত সেৱা লৈ আহি থকা গোটেই বছৰটো নিজৰ লগতে ৰাজ্যখনত সুখ শান্তি বিৰাজ কৰাৰ বাবে প্ৰাৰ্থনা কৰে ভক্তসকলে । মাজুলীৰ বিশেষকৈ দাক্ষিণপাট সত্ৰ, উত্তৰ কমলাবাৰী সত্ৰকে আদি কৰি আন আন সত্ৰ আৰু নামঘৰসমূহত দেখা গ’ল ভক্তৰ লানি নিচিগা সোঁত ।
লগতে পঢ়ক : Rang Ghar Bihu: পহিলা ব'হাগত ঢোল পেঁপাৰ মাতত মুখৰিত হ’ল ৰংঘৰৰ বাকৰি