Manipur Solidarity Day: ৰাজ্যজুৰি মণিপুৰ সংহতি দিৱস পালন - অসম কৃষি শ্ৰমিক ইউনিয়ন

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 25, 2023, 4:32 PM IST

গুৱাহাটী, ২৫ জুলাই: মণিপুৰত নৰহত্যা আৰু নাৰী নিৰ্যাতনৰ অৱসান ঘটোৱাৰ হকে সকলো শান্তিপ্ৰিয় ৰাইজক ঐক্যবদ্ধ হোৱাৰ আহ্বন জনাই চি আই টি ইউ, অসম ৰাজ্যিক কৃষক সভা, অসম কৃষি শ্ৰমিক ইউনিয়ন, এছ এফ আই আৰু ডি ৱাই এফ আইয়ে যৌথভাৱে মঙলবাৰে মণিপুৰ সংহতি দিৱস পালন কৰে । মহানগৰীৰ দীঘলীপুখুৰীৰ পাৰত মণিপুৰ সংহতি দিৱস পালন কৰি মণিপুৰৰ মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰক, মণিপুৰত সাম্প্ৰদায়িক সম্প্ৰতি অটুট ৰাখক, মণিপুৰৰ ঘটনাত প্ৰধানমন্ত্ৰী নিমাত কিয় জবাব লাগে জবাব দিয়ক আদি শ্লোগান দি বিক্ষোভ প্ৰদৰ্শণ কৰে প্ৰতিবাদকাৰীসকলে ৷ মণিপুৰত শান্তি প্ৰতিষ্ঠাৰ হকে কেন্দ্ৰীয় চৰকাৰে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰক, আশ্ৰয় শিবিৰত পৰ্যাপ্ত খাদ্য যোগান আৰু চিকিৎসা ব্যৱস্থা গ্ৰহণ কৰা , বিজেপি চৰকাৰে বিভেদৰ ৰাজনীতি পৰিহাৰ কৰক, মণিপুৰৰ জনগণৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা নিশ্চিত কৰক, মণিপুৰৰ ঘটনাৰ প্ৰতিক্ৰিয়া দিবলৈ ৭৯ দিন কিয় লাগিলে কেন্দ্ৰীয় চৰকাৰ জবাব দিয়ক , ৪ মেৰ নিৰ্মম নগ্নতাক ৭৯ দিন ঢাকি ৰাখিছিল কিয় গৃহ মন্ত্ৰালয়ে জবাব ৰাজহুৱা কৰিবলৈ দাবী জনায়। এই বিক্ষোভ কাৰ্যসূচীত বামপন্থী নেতা হেমেন দাসসহ অৰ্ধশতাধিক লোক উপস্থিত থাকে ।

লগতে পঢ়ক: Mob lynching in Morigaon: গণ প্ৰহাৰত ছাদ্দাম হুছেইনৰ মৃত্যু

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.