Manikpur Protest:মাণিকপুৰক উপ জিলা ঘোষণা কৰাৰ দাবীত পাঁচ শতাধিক ৰাইজৰ প্ৰতিবাদ
🎬 Watch Now: Feature Video
Published : Sep 14, 2023, 5:42 PM IST
বঙাইগাঁও, 14 ছেপ্টেম্বৰ : পূৰ্বে ঘোষিত মাণিকপুৰ মহকুমাক বিলুপ্তিৰ উপৰিও সকলো দিশৰ পৰা বঞ্চিত কৰাত মাণিকপুৰবাসী ৰাইজে বৃহস্পতিবাৰে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । মাণিকপুৰ উপ-জিলা দাবী সমিতিৰ উদ্যোগত ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীত কেবাজনো প্ৰতিবাদকাৰীয়ে সমূহীয়া মুণ্ডন কৰাৰ লগতে এক বৃহৎ প্ৰতিবাদী সমদল উলিওৱা হয় ।
প্ৰতিবাদকাৰী সকলে মাণিকপুৰ উপ জিলা গঠন কৰিব লাগিবই, মাণিকপুৰক সকলো দিশতে বঞ্চিত কৰিলে নচলিব, ন' ছাব ডিষ্ট্ৰিকট্ ন' ৰেষ্ট আদি শ্ল’গানেৰে ৰাজপথ উত্তাল কৰি তোলে । চৰকাৰে মাণিকপুৰক মহকুমা ঘোষণা কৰাৰ পিচতো পৰৱৰ্তী সময়ত মাণিকপুৰক সমষ্টিৰ গঠনৰ পৰা বঞ্চিত, মাণিকপুৰক উপ জিলাৰ মৰ্যাদা প্ৰদান নকৰা কাৰ্যত ক্ষোভিত হৈ মাণিকপুৰ আটাইবোৰ দল-সংগঠনে একত্ৰিত হৈ মাণিকপুৰ উপ জিলা দাবী সমিতিৰ উদ্যোগত প্ৰায় পাঁচ শতাধিক ৰাইজৰ সহযোগত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে । প্ৰতিবাদকাৰী সকলে শেষত মাণিকপুৰ চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এক স্মাৰকপত্ৰ প্ৰদান কৰে ।
লগতে পঢ়ক : Public Protest in Manikpur: উপ-জিলাৰ দাবীত মাণিকপুৰত ৰাইজৰ প্ৰতিবাদ