Aie bridge foundation stone: আই নদীৰ ওপৰৰ দলঙৰ কাম পুনৰ আৰম্ভ - Manikpur Aie bridge foundation stone
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-17175422-thumbnail-3x2-vbvbhjb.jpg)
বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম ৰাজহ চক্ৰৰ অন্তৰ্গত বৰঘোলা কাহিবাৰী সংযোগী আই নদীৰ ওপৰত থকা দলংখনৰ আজি পুনৰ কামৰ শুভাৰম্ভ কৰা হয় । প্ৰায় ১১ বছৰে অসম্পূৰ্ণ হৈ থকা দলংখন যোৱা ৫ ডিচেম্বৰত মুখ্যমন্ত্ৰীয়ে পৰিদৰ্শন কৰি কাম আৰম্ভ কৰাৰ নিৰ্দেশ প্ৰদান কৰে আৰু আজি বঙাইগাঁও জিলা লোকনিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা ডি এম মেধি, সৃজনগ্ৰাম ৰাজহ চক্ৰ বিষয়াৰ উপস্থিতিত বিধায়ক আব্দুল বাতেন খন্দকাৰে কামৰ শুভাৰম্ভ কৰে (Manikpur Aie bridge foundation stone)। অহা এপ্ৰিল মাহৰ ভিতৰত দলংখনৰ পূৱফালে ৰাস্তাৰ কাম সম্পূৰ্ণ হৈ উঠিব বুলি বিধায়কগৰাকীয়ে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে ৷ ইয়ে যাতায়ত সুচল কৰি তুলিব বুলিও আশা ব্যক্ত কৰে বিধায়কগৰাকীয়ে । প্ৰায় ২৯ কোটি টকা ব্যয় সাপেক্ষে দলংখন নিৰ্মাণ হৈ উঠিব ৷
Last Updated : Feb 3, 2023, 8:35 PM IST