Manas National Park: পৰ্যটকৰ বাবে বন্ধ হ’ব মানাহ ৰাষ্ট্ৰীয় উদ্যান - Manas National Park

🎬 Watch Now: Feature Video

thumbnail

By

Published : May 11, 2023, 5:21 PM IST

বাক্সা, 10 মে': পৰ্যটকৰ বাবে বন্ধ হ'ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান ৷ এক জাননী যোগে এই কথা সদৰী কৰিলে ৰাষ্ট্ৰীয় উদ্যানখনৰ ক্ষেত্ৰ সঞ্চালক বৈভৱ চি মাথুৰে ৷ ৰাষ্ট্ৰীয় উদ্যানখনত 15 মে'ৰ পৰা হাতী চাফাৰী, ৰিভাৰ ৰাফটিং আৰু 5 জুনৰ পৰা জীপ চাফাৰী বন্ধ হোৱাৰ কথা সদৰী কৰে বিষয়া গৰাকীয়ে (Manas National Park to be closed for tourists soon) ৷

ৰাষ্ট্ৰীয় উদ্যানখনৰ ক্ষেত্ৰ সঞ্চালক বৈভৱ চি মাথুৰে কয় যে, প্ৰতি বছৰৰ দৰে এইবাৰো, একে সময়তে মানাহ ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে বন্ধ কৰা হ’ব ৷ বাৰিষা অহাৰ ফলত বেঁকী নৈৰ পানী বৃদ্ধি পোৱাৰ বাবে থকাৰ বাবে 15 মে'ৰ পৰা ৰিভাৰ ৰাফটিং বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ লগতে হাতী চাফাৰী গোটেই অসমতে মে' মাহ আৰম্ভ হোৱাৰ লগে লগেই বন্ধ হয় ৷ কিন্তু অসম চৰকাৰৰ দুবছৰ সম্পূৰ্ণ হোৱাৰ হেতুকে মানাহত 10ৰ পৰা 12 দিন বঢ়াই 15 মে'ৰ পৰা হাতী চাফাৰী বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হৈছে (Manas National Park to be closed for tourists) ৷

আনহাতে বাৰিষাৰ সময়ত ৰাষ্ট্ৰীয় উদ্যান খনত ঘাঁহনি বেছি আৰু ৰাস্তা-ঘাটৰ কিছু সমস্যা হয় বাবে অন্য বছৰৰ দৰে এইবাৰো 5 জুনৰ পৰা জীপ চাফাৰী বন্ধ কৰা হ’ব ৷ উল্লেখ্য যে, প্ৰায় তিনিমাহৰ অন্তত পুনৰ পৰ্যটকৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখন মুকলি কৰাৰ কথাও জানিবলৈ দিয়ে বিষয়াগৰাকীয়ে (Manas National Park) ৷

লগতে পঢ়ক: Bhavesh Kalita on Manipur violence; মণিপুৰৰ মই একো নহয়, মণিপুৰ নহয় ৰঙিয়াৰ কথা সোধক : ভৱেশ কলিতা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.