One person goes missing in Burhi Dihing : বুঢ়ীদিহিং নদীত মাছ মাৰিবলৈ গৈ সন্ধানহীন হ'ল এজন - সন্ধানহীন
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/02-09-2023/640-480-19416630-thumbnail-16x9-moran11.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Sep 2, 2023, 7:05 PM IST
ডিব্ৰুগড়, 2 ছেপ্টেম্বৰ : খোৱাঙৰ বুঢ়ীদিহিং নদীত মাছ মাৰিবলৈ গৈ সন্ধানহীন এজন লোক ৷ কোটোহাৰ 1 নং নাওজান গাঁৱৰ লোকজনৰ নাম চন্দ্ৰ সোনোৱাল ৷ শুকুৰবাৰে পুৱাৰ ভাগত বুঢ়ীদিহিং নদীত মাছ মাৰিবলৈ যোৱাৰে পৰা সন্ধানহীন হৈ আছে লোকজন ৷ লোকজনৰ সন্ধানত SDRF বাহিনীয়ে ইতিমধ্যে নদীৰ বুকুত অভিযান চলাইছে ৷
উল্লেখযোগ্য যে, কেইদিনমান পূৰ্বে ডিব্ৰুগড় জিলাৰ 52 নং (বি) ৰাষ্ট্ৰীয় ঘাইপথত থকা খামটি ঘাট দলঙৰ পৰা বুঢ়ীদিহিঙত জাঁপ দি এজন যুৱকে আত্মহনন কৰিছিল ৷ যুৱকজন আছিল নামৰূপ ঘিলাগুৰিৰ কনক গগৈ ৷ ঘটনাৰ পাছতেই আৰু SDRF বাহিনী ঘটনাস্থলীত উপস্থিত হৈ কেইবাদিনো ধৰি বুঢ়ীদিহিঙৰ বিভিন্ন ঠাইত অভিযান চলাইছিল যদিও যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম নহ'ল ৷
শনিবাৰে পুনৰ মাছ ধৰিবলৈ গৈ সন্ধানহীন হোৱা ব্যক্তিজনক বিচাৰি SDRF বাহিনীয়ে উদ্ধাৰ অভিযান অব্যহত ৰাখিছে ৷
লগতে পঢ়ক : Flood in Kaziranga National Park : ক্ৰমান্বয়ে উন্নত হৈছে কাজিৰঙাৰ বান পৰিস্থিতি