Man Missing: ব্ৰহ্মপুত্ৰ নদীত সন্ধানহীন এগৰাকী ব্যক্তি

By ETV Bharat Assamese Team

Published : Oct 23, 2023, 1:04 PM IST

thumbnail

বিলাসীপাৰা, 23 অক্টোবৰ : ধুবুৰী জিলাৰ বিলাসীপাৰাৰ ব্ৰহ্মপুত্ৰ নদীত অঘটন। বিলাসীপাৰা থানাৰ অন্তৰ্গত ছুৱাপাতা তৃতীয় খণ্ড গাঁৱৰ ব্ৰহ্মপুত্ৰ নৈৰ বুকুত সন্ধানহীন হয় এজন ব্যক্তি । নিখোঁজ ব্যক্তিজন বিলুাসীপাৰা মহকুমাৰ ছুৱাপাতা 1ম খণ্ড গাঁৱৰ সাজাহাৰ আলী (55 ) বুলি জানিব পৰা গৈছে। 

প্ৰাপ্ত তথ্য অনুসৰি, গোৱালপাৰা আৰু ধুবুৰী জিলাৰ সীমান্তৱৰ্তী ব্ৰহ্মপুত্ৰ চৰৰ মাজত খেতি কাম কৰি নদীৰ সুঁতিৰে সাঁতুৰি ঘৰ অভিমুখে আহি থকা অৱস্থাত সন্ধানহীন হৈ ব্যক্তিগৰাকী । এই ঘটনাৰ উমান পাই স্থানীয় ৰাইজে লগে লগে বিলাসীপাৰা আৰক্ষীক খবৰ দিয়ে। 

খবৰ পোৱা মাত্ৰকে ঘটনাস্থলীত বিলাসীপাৰা মহকুমাৰ‌ শালকোচা আৰক্ষীৰ দল আৰু SDRF বাহিনীৰ দল উপস্থিত হয় লোকজনক বিচাৰি অভিযান চলায় ৷ সম্প্ৰতি উদ্ধাৰকাৰী দলে স্থানীয় ৰাইজৰ সহযোগত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। অৱশ্যে এতিয়ালৈ লোকজনক উদ্ধাৰ কৰিব পৰা নাই ৷

লগতে পঢ়ক: Durga Puja 2023: টিংখাঙত পূজা মণ্ডপে মণ্ডপে সাংস্কৃতিক মন্ত্ৰী বিমল বড়া

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.