Double murder at Mohanbari : বায়েক আৰু ভিনিয়েকক হত্যা কৰিলে খুলশালীয়ে

By ETV Bharat Assamese Team

Published : Sep 10, 2023, 1:25 PM IST

thumbnail

ডিব্ৰুগড়, 10 ছেপ্টেম্বৰ : ডিব্ৰুগড় জিলাৰ লাহোৱালৰ মোহনবাৰীত লোমহৰ্ষক ডাবল মাৰ্দাৰ ঘটনাই তীব্ৰ চাঞ্চল্য সৃষ্টি কলিছে । মোহনবাৰীৰ মনোহাৰী চাহ বাগিছাৰ 11 নম্বৰ লাইনত শনিবাৰে নিশা সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা । কোৰ-কুঠাৰ লৈ নিশা নিৰ্মমভাৱে খুলশালীয়ে হত্যা কৰে নিজ বায়েক আৰু ভিনিয়েকক ।

অভিযুক্তটোৰ নাম বলোৰাম ভূঞা বুলি জানিব পৰা গৈছে । মৃত লোকজন হৈছে শুকৰা মুড়া (60) আৰু মহিলাগৰাকী হৈছে চুনমতি মুড়া (45) ৷ ইতিমধ্যে লাহোৱাল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত বলোৰাম ভূঞাক । সমগ্ৰ ঘটনা সম্পৰ্কত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । এই ঘটনাক লৈ সমগ্ৰ অঞ্চলটোত সৃষ্টি হৈছে চাঞ্চল্য ।

কি কাৰণত এই ঘটনা সংঘটিত হ’ল সেই কথা বৰ্তমানো জানিব পৰা হোৱা নাই ৷ কিন্তু অভিযুক্ত বলোৰাম মানসিক বিকাৰগ্ৰস্ত লোক বুলি একাংশ লোকে জানিবলৈ দিছে ।

লগতে পঢ়ক : Lurinjyoti Gogoi on Bihu Distortion in G20; বিহুক পুনৰ বিকৃতকৰণ কৰা কাৰ্যই অসমীয়া সংস্কৃতিৰ প্ৰতি থকা অশ্ৰদ্ধা প্ৰকাশ পাইছে: লুৰীণ জ্যোতি গগৈ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.