Accident at Chabua : চাবুৱাত ভয়ংকৰ দুৰ্ঘটনা, মালবাহী ৰে’লৰ খুন্দাত আহত এজন

By

Published : Aug 6, 2023, 7:46 AM IST

thumbnail

ডিব্ৰুগড়, 6 আগষ্ট : ডিব্ৰুগড়ৰ চাবুৱাত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা । এই দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় এজন লোক । আহত লোকজনৰ নাম নিৰোদ চাংমাই বুলি জানিব পৰা গৈছে ।

জানিব পৰা মতে, শনিবাৰে নিশাৰ ভাগত ডিব্ৰুগড়ৰ চাবুৱাত এখন মটৰ চাইকেলেৰে ৰে’ল লাইন পাৰ হ’বলৈ চেষ্টা কৰিছিল নিৰোদ চাংমায়ে ৷ তেনে সময়তে ডিব্ৰুগড় তিনিচুকীয়া অভিমুখী এখন মালবাহী ৰে’লে মহতীয়াই লৈ যায় নিৰোদক ৷ ফলত ৰে’লৰ খুন্দাত আহত হয় নিৰোদ ৷ আনকি চূৰ্ণ-বিচূৰ্ণ হৈ পৰে নিৰোদৰ মটৰ চাইকেলখনো ৷

স্থানীয় ৰাইজৰ লগতে প্ৰত্যক্ষদৰ্শীৰ তৎপৰতাত আহত নিৰোদক অসম মেডিকেল কলেজ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷

লগতে পঢ়ক : Bus falls into river: ঝাৰখণ্ডৰ বাৰাকিৰ নদীত পৰিল যাত্ৰীভৰ্তি বাছ; বহু লোকৰ মৃত্যু হোৱাৰ আশংকা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.