Man Elephant Conflict at Kaliabor: হাতী মানুহৰ সংঘাতৰ পৰিণতিত এজন নিহত, চাৰিজন আহত

By

Published : Mar 4, 2023, 12:14 PM IST

thumbnail

নগাওঁ, 4 মাৰ্চ: ৰাজ্যত অব্যাহত আছে হাতী মানুহৰ সংঘাত (Men elephant conflict) ৷ কলিয়াবৰত ধাৰাবাহিক আৰু দীৰ্ঘদিনীয়া হাতী মানুহৰ সংঘাতৰ ফলত আৰু এজন ব‍্যক্তিয়ে হেৰুৱালে প্ৰাণ (Man elephant conflict at Kaliabor)। কলিয়াবৰৰ হাতীগাঁও চাহ বাগিচাত বনৰীয়া হাতীৰ আক্ৰমণত এজন চাহ শ্ৰমিক নিহত হোৱাৰ লগতে আন চাৰিজনকৈ শ্ৰমিক আহত হোৱা বুলি জানিবলৈ পৰা গৈছে ।

শুকুৰবাৰৰ নিশা কলিয়াবৰৰ হাতীগাঁও চাহ বাগিচাত বন্যহস্তীয়ে আক্ৰমণ চলাই চাহ বাগিচাখনত কৰ্মৰত পাঁচজনকৈ শ্ৰমিকক । হাতীৰ আক্ৰমণৰ ফলত থিতাতে নিহত হয় লক্ষম মিঞ্জ নামৰ শ্ৰমিকজন । আহত হৈছে প্ৰকাশ এক্কা, প্ৰতাপ এক্কা, ধীৰাজ তিৰ্কী আৰু চনী কেৰকেটা নামৰ শ্ৰমিককেইজন । ইয়াৰে ধীৰাজ তিৰ্কী আৰু চনী কেৰকেটাক উন্নত চিকিৎসাৰ বাবে তেজপুৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয় । 

কলিয়াবৰ মহকুমাত এতিয়া দিনে-নিশাই বনৰীয়া হাতীৰ আশংকাত দিন কটাবলগীয়া হৈছে গঞা ৰাইজে । বনৰীয়া হাতীৰ আক্ৰমণৰ ফলত মানুহৰ লগতে ঘৰ-দুৱাৰ, সা-সম্পত্তিৰ সীমাহীন ক্ষয়-ক্ষতি হোৱা পৰিলক্ষিত হৈছে । উল্লেখ্য যে, ৰাজ্যত হাতী আৰু মানুহৰ সংঘাত তীব্ৰ হৈ পৰাৰ পিছতো বন বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে ৷

লগতে পঢ়ক : Govt employee arrested for taking bribe: উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত আৰু এজন চৰকাৰী কৰ্মচাৰী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.