Wild elephant menace : গহপুৰৰ হেলেমত বনৰীয়া হাতীৰ ত্ৰাস; কথমপি প্ৰাণ ৰক্ষা দুটি পৰিয়ালৰ - বনৰীয়া হাতীৰ ত্ৰাস
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/03-10-2023/640-480-19669562-thumbnail-16x9-biswa.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Oct 3, 2023, 2:30 PM IST
গহপুৰ, ৩ অক্টোবৰ : বিশ্বনাথ জিলাৰ গহপুৰ বিধান সভা সমষ্টিৰ হেলেমত অঘটন ৷ সোমবাৰে মাজ নিশা প্ৰায় ১২ বজাত হেলেমৰ গমিৰিৰ পুৰনা বুৰৈত এটা বনৰীয়া হাতীৰ জাকে ত্ৰাসৰ সৃষ্টি কৰে । খাদ্যৰ সন্ধানত কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ পৰা ওলাই অহা ১০-১২ জনীয়া বনৰীয়া হাতীৰ জাকৰ পৰা ফালৰি কাটি আহে এটা প্ৰকাণ্ড দঁতাল হাতীয়ে ৷
তাৰ পাচত সেই হাতীটোৱে অঞ্চলটোৰ দুটাকৈ পৰিয়ালৰ বাসগৃহ লণ্ড ভণ্ড কৰে ৷ অৱশ্যে কথমপি প্ৰাণ ৰক্ষা পৰে গৃহস্থৰ । পৰৱৰ্তী সময়ত উক্ত স্থানত বন বিভাগৰ লোক উপস্থিত হৈ হাতীটো খেদি পঠিয়াবলৈ সক্ষম হয় ৷
উল্লেখ্য যে, গহপুৰ বিধান সভা সমষ্টিৰ হেলেমৰ বিভিন্ন প্ৰান্তত বনৰীয়া হাতীৰ তাণ্ডৱে অতিষ্ঠ কৰিছে সাধাৰণ জনতাক । বন্যহস্তীৰ উপদ্ৰৱত নিদ্ৰা হৰণ হৈছে হেলেমবাসীৰ ৷ ভয়-ভিতে দিন-ৰাতি পাৰ কৰিব লগাত পৰিছে অঞ্চলটোৰ ৰাইজে ৷ ইতিমধ্যে এই বনৰীয়া হাতীৰ জাকে অঞ্চলটোৰ বহু লোকৰ খেতিপথাৰ নষ্ট কৰা লগতে ঘৰ দুৱাৰ ভাঙিও অনিষ্ট সাধন কৰিছে ।
লগতে পঢ়ক : Raha Murder Case: সুৰাৰ ৰাগীত মাতাল হৈ বন্ধুৱে হত্যা কৰিলে বন্ধুক