Man died in bed : শোৱা পাটিতে মৃত্যুক সাৱটিলে হোজাইৰ লিটন ঘোষে - Body Found in room in Hojai

🎬 Watch Now: Feature Video

thumbnail

By

Published : Dec 26, 2022, 9:53 PM IST

Updated : Feb 3, 2023, 8:37 PM IST

হোজাই জিলাৰ লংকা উদালী পহৰা চকীৰ অন্তৰ্গত জুঠাংবস্তিত শোৱা পাটিতে মৃত্যুক সাৱটিলে এজন ব্যক্তিয়ে (Man died in bed) ৷ মৃত ব্যক্তিজনৰ নাম লিটন ঘোষ । দেৰীলৈকে কোঠালিৰ দৰ্জা নোখোলাত পৰিয়ালৰ লোকৰ সন্দেহ হোৱাত চুবুৰীয়া মানুহে দৰ্জা ভাঙি উদ্ধাৰ কৰে লোকজনৰ মৃতদেহ ৷ পিছত স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত উদালী আৰক্ষীসহ লংকা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । এতিয়া মৰণোত্তৰ পৰীক্ষাৰ পিছতহে পোহৰলৈ আহিব মৃত্যুৰ প্ৰকৃত কাৰণ(Body Found in room in Hojai) ৷ ইফালে মৃত লিটন ঘোষৰ পত্নীয়ে জানিবলৈ দিয়ে যে নিশা দুয়োৰে মাজত সংঘটিত হৈছিল কাজিয়াৰ সূত্ৰপাত । কিন্তু পত্নী গৰাকী নিজৰ গৃহৰ কোঠাৰ ভিতৰত সোমোৱাৰ পিছত ঘটনা সন্দৰ্ভত অৱগত নহয় বুলি সংবাদ মাধ্যমৰ সমুখত জানিবলৈ দিয়ে ৷ উল্লেখনীয় যে লিটন ঘোষৰ মূৰৰ পিছফালে আৰু ডিঙিত আঘাতৰ চিন স্পষ্ট হৈ আছে । এতিয়া এয়া হত্যা নে আত্মহত্যা সেয়া পোহৰলৈ আহিব আৰক্ষীৰ তদন্তত হে ।
Last Updated : Feb 3, 2023, 8:37 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.