thumbnail

By ETV Bharat Assamese Team

Published : Jan 14, 2024, 10:36 PM IST

ETV Bharat / Videos

উৰুকাৰ মাছ কিনা নহ’ল উত্তম কলিতাৰ

ৰঙিয়া, 14 জানুৱাৰী: ভোগালী বিহুৰ উৰুকাৰ দিনাই ৰঙিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা । ৰঙিয়া নগৰৰ মাজমজিয়াৰ মুৰাৰা চ’কত ডাম্পাৰে মহতিয়ালে চাইকেল আৰোহীক । দুৰ্ঘটাটোত মৃত্যু হয় চাইকেল আৰোহীজনৰ ।

ঘটনাৰ বিৱৰণী অনুসৰি উৰুকাৰ নিশা পৰিয়ালৰ সৈতে লগে-ভাগে এসাঁজ খোৱাৰ বাবে মাছ কিনিবলৈ বজাৰলৈ আহিছিল চাইকেল আৰোহীজন । তেনে সময়তে দুৰ্ঘটনাটো সংঘটিত কৰে ডাম্পাৰখনে ।

দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হোৱা ৰঙিয়াৰ গৰকাৰ উত্তম কলিতা (৫০)ক সংকটজনক অৱস্থাত ৰঙিয়াৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসালয়ত মৃত্যু হয় লোকজনৰ । ইফালে দুৰ্ঘটনা সংঘটিত কৰা ৰঙিয়া অভিমুখী AS 27 C 5606 নম্বৰৰ ডাম্পাৰখন ৰাইজে জব্দ কৰে ।

দুৰ্ঘটনাটোৰ পিচতে উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয় দুৰ্ঘটনাস্থলী । আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু ৰাইজে দুৰ্ঘটনা সংঘটিত কৰা চালকসহ ডাম্পাৰখন ৰঙিয়া আৰক্ষীক গতাই দিয়ে ।

লগতে পঢ়ক: ৰঙিয়াতো ভোগালীক লৈ ভীষণ ব্যস্ততা, সাজি উলিয়ালে মেজি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.