Road Accident at Rangia: বাহনে চোঁচৰাই লৈ গ’ল 200 মিটাৰ, থিতাতে নিহত পথচাৰী - ৰঙিয়াৰ ভয়ংকৰ পথ দুৰ্ঘটনা
🎬 Watch Now: Feature Video

ৰঙিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা (Road Accident at Rangia)৷ ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চেপ্তিত হোণ্ডাই i10 বাহনে ২০০ মিটাৰলৈকে মহতিয়াই নিলে পথচাৰীক (Car hits man at Rangia)৷ ফলত থিতাতে নিহত হয় ৰঙিয়াৰ ১ নং নকুলৰ টংকেশ্বৰ দাস ৷ মঙলবাৰে বজাৰ কৰাৰ উদ্দেশ্যেৰে ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হ’বলৈ লৈছিল টংকেশ্বৰ দাসে (Man died in road accident at Rangia)৷ সেই মুহূৰ্ততে নলবাৰী অভিমুখী দ্ৰুতবেগী হোণ্ডাই i10 বাহনে মহতিয়াই নিয়ে টংকেশ্বৰ দাসক । দুৰ্ঘটনা সংঘটিত কৰিয়ে বগা ৰঙৰ হোণ্ডাই i10 বাহনখন নলবাৰী অভিমুখে পলায়ন কৰে । পৰৱৰ্তী সময়ত ঘটনাস্থলীত ৰঙিয়া আৰক্ষী উপস্থিত হৈ মৃতদেহটো ৰঙিয়া থানালৈ লৈ যায় ৷
Last Updated : Feb 3, 2023, 8:38 PM IST