thumbnail

By

Published : Mar 7, 2023, 12:52 PM IST

ETV Bharat / Videos

Road accident at Nagaon: নগাঁৱত পথ দুৰ্ঘটনাত নিহত ৰে'ল কৰ্মচাৰী

নগাঁও, ৭ মাৰ্চ: হোলী উৎসৱৰ মাজতেই নগাঁৱত সংঘটিত হ'ল এক শোকাবহ পথ দুৰ্ঘটনা (Road accident in Nagaon)। পথ দুৰ্ঘটনাটোত নিহত হয় ৰে'লৱে বিভাগৰ ত্ৰৈলোক্য নাথ বৰদলৈ নামৰ এগৰাকী কৰ্মচাৰী । নগাঁৱৰ ম'হখুলিত সংঘটিত এই পথ দুৰ্ঘটনাটোত নিহত হয় ৰে'লৱে বিভাগৰ কৰ্মচাৰীগৰাকী (Accident at Mohkhuli of Nagaon)। এখন এল্ট' আৰু টাটা ডি আইৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলতেই পথ দুর্ঘটনাটো সংঘটিত হয় ।

এই ঘটনাটো সংঘটিত হোৱাৰ লগে লগে স্থানীয় লোকে ত্ৰৈলোক্য নাথ বৰদলৈক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰাৰ লগতে খবৰ দিয়ে পৰিয়ালৰ লোকক । দুর্ঘটনাটোত আহত ৰে'লৱে বিভাগৰ কৰ্মচাৰী ত্ৰৈলোক্য নাথ বৰদলৈৰ অৱস্থা সংকটজনক হোৱাত নিশাই গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় (Railway employee death in accident at Nagaon)। কিন্তু গুৱাহাটীলৈ চিকিৎসাৰ বাবে নিয়াৰ পথতে তেওঁৰ মৃত্যু হয় । নিহত লোকগৰাকী ৰূপহীহাট ৰে'লৱে ষ্টেচনৰ কৰ্মচাৰী আছিল । নগাঁৱৰ পৰা ৰূপহীলৈ নিশা নিজ কৰ্তব্য পালনৰ বাবে গৈ থকাৰ সময়তে সংঘটিত এই শোকাৱহ দূৰ্ঘটনাত প্ৰাণ হেৰুৱাই ৰেল বিভাগৰ কৰ্মচাৰীগৰাকীয়ে (Ruphihat Railway Station)। 

লগতে পঢ়ক:AAP Protest against price hike: মূল্যবৃদ্ধি ৰোধৰ দাবীত গুৱাহাটীত আম আদমি পাৰ্টীৰ প্ৰতিবাদ 

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.