মেচিন নাৱৰ পাংখাত গামোচা লাগি প্ৰাণ গ’ল এজনৰ - Machine Boat Brahmaputra

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Jan 16, 2024, 10:46 PM IST

তিনিচুকীয়া, ১৬ জানুৱাৰী : মাঘ বিহুৰ দিনটোতেই তিনিচুকীয়া জিলাৰ ধলাত সংঘটিত হয় অঘটন । দুগদুগী ফাইটাৰ (মেচিন নাও)ৰ মেচিনৰ পাছফালে থকা ছাফটিঙৰ পাংখাত ডিঙিত থকা গামোচা লাগি প্ৰাণ গ’ল এজন লোকৰ ৷

তীব্ৰ বেগেৰে ঘূৰি থকা পাংখাখনত ডিঙিৰ গামোচাখন লাগি যোৱাৰ ফলত বিজয় দেৱনাথ নামৰ নাৱৰীয়াজনৰ মুণ্ড ছিগি যায় । সোমবাৰে পুৱা প্ৰায় ৫ বজাত আলুঘাটৰ পৰা তিনিজন যাত্ৰী লৈ বিজয় দেৱনাথে ব্ৰহ্মপুত্ৰ নদীয়েদি শদিয়াৰ অমৰপুৰলৈ যাত্ৰা কৰিছিল । যাত্ৰাপথত কিছু দূৰ যোৱাৰ পিচতে ডিবাং মুখত নদীৰ মাজত এই ঘটনা সংঘটিত হয় ।

বিজয় দেৱনাথৰ ঘৰ ধলা ভুৱন খালৰ মিলন পুৰত । তেওঁৰ পিতৃৰ নাম পলু দেৱনাথ । উল্লেখ্য যে, চৰকাৰী কৰ ফাঁকি দি নিজে নিৰ্মাণ কৰি লোৱা এনে বহু নাও অঞ্চলটোৰ বিভিন্ন ঘাটসমূহৰ পৰা চলাচল কৰে । পৰৱৰ্তী সময়ত শদিয়া চপাখোৱাৰ চক্ৰ বিষয়া আৰু ছৈখোৱা ঘাটৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় ৷

লগতে পঢ়ক: লিডুৰ কয়লাখনিত কৰ্মৰত শ্ৰমিকৰ মৃত্যু

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.