Man terrified with dagger: নলবাৰী ৰাষ্ট্ৰীয় ঘাইপথত হাতত ডেগাৰ লৈ পথচাৰীক আক্ৰমণ এজন লোকৰ

By

Published : May 20, 2023, 9:31 PM IST

thumbnail

নলবাৰী, 20 মে’: নলবাৰীৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথত হাতত ডেগাৰ লৈ এজন লোকৰ আতংক ৷ নলবাৰী চহৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ গণেশ মন্দিৰ চ’কত এজন লোকে হাতত ডেগাৰ লৈ সন্মুখত মানুহ দেখিলেই আক্ৰমণ কৰিবলৈ চোঁচা লোৱাত আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে (Man terrified with dagger) ৷ শনিবাৰে সন্ধিয়া খগেন দাস নামৰ লোকজনে 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ গনেশ মন্দিৰ চ’কত ডেগাৰ লৈ পথচাৰীক খেদি ফুৰাত আতংকিত পৰিৱেশৰ সৃষ্টি হয় (Man attacks people with dagger) ৷ 

লোকজনে হাতত এখন ডেগাৰ লৈ প্ৰথমে পথচাৰীক আক্ৰমণ কৰিবলৈ যোৱাত তাত নিয়োজিত হৈ থকা এজন যান-বাহন আৰক্ষীক ডেগাৰেৰে ঘপিয়াবলৈ চেষ্টা কৰে ৷ ইতিমধ্যে গনেশ মন্দিৰ চ’কত কৰ্তব্যত ব্যস্ত থকা যান-বাহন আৰক্ষী চফিক আহমেদ লোকজনৰ ডেগাৰৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হয় (Traffic police injured)। তাৰ পিচতে নলবাৰী সদৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ উক্ত লোকজনৰ পৰা এখন ডেগাৰৰ লগতে কেইবাটাও ছীল উদ্ধাৰ কৰে ৷

লগতে পঢ়ক: Junmoni Rabha accident:জোনমণিৰ মৃত্যুৰ কি কাহিনী জানে এছ আই ৰাজা ইৰ্শ্বাদে ?

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.