আলফা (স্বাঃ)ৰ সমৰ্থনত ফেচবুক পোষ্ট দি গ্ৰেপ্তাৰ এজন যুৱক - crime news
🎬 Watch Now: Feature Video
Published : Dec 24, 2023, 12:49 PM IST
|Updated : Dec 24, 2023, 3:57 PM IST
বাক্সা, 24 ডিচেম্বৰ : শেহতীয়াকৈ অসমৰ তিনি স্থানত সংঘটিত হোৱা গ্ৰেণেড বিস্ফোৰণ হোৱাৰ পৰিপ্ৰেক্ষিতত অসমত আৰক্ষীয়ে ৰাজ্যৰ ভিন্ন স্থানৰ পৰা আলফা (স্বাধীন) ৰ লগত যোগসূত্ৰ থকাৰ অভিযোগত সামাজিক মাধ্যমত কঠোৰভাৱে নিৰীক্ষণ কৰি আছে ৷ ইয়াৰ মাজতে দেওবাৰে আলফা(স্বাঃ) ৰ সমৰ্থনত ফেচবুক কমেণ্টত পোষ্ট দি তামুলপুৰত গ্ৰেপ্তাৰ হ’ল এজন যুৱক।
নিষিদ্ধ ঘোষিত সংগঠনত যোগদান কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল যুৱকগৰাকীয়ে । গ্ৰেপ্তাৰ হোৱা যুৱকগৰাকীৰ নাম বিজুমণি ৰাভা বুলি জানিব পৰা গৈছে । ইয়াৰ পিচতে তামুলপুৰ আৰক্ষীয়ে ধৃত যুৱকজনৰ বিৰুদ্ধে 294/23 U/S 121A I.P.C R/W Section 13(2) UA(P) Act গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ।
আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰামতে যুৱকগৰাকীয়ে ফোনত আলফা (স্বাঃ) ৰ সৈতে যোগাযোগ ৰখাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে । ইতিমধ্যে আৰক্ষীয়ে অধিক তথ্যৰ বাবে তিনিদিনৰ বাবে তামুলপুৰ আৰক্ষীয়ে জিম্মাত লৈছে যুৱকগৰাকীক।
লগতে পঢ়ক: গুৱাহাটীৰ যান-জঁটৰ সমস্যা সমাধানৰ কম্প্ৰিহেনছিভ ম’বিলিটী প্লেন ধোঁৱাচাঙত