thumbnail

By

Published : Nov 15, 2022, 4:19 PM IST

Updated : Feb 3, 2023, 8:32 PM IST

ETV Bharat / Videos

Child sex abuse: নুনমাটিত শিশুক যৌন নিৰ্যাতন, আৰক্ষীৰ জালত লম্পট

ৰাজ্যত পুনৰ শিশুক যৌন নিৰ্যাতনৰ ঘটনা (Molestation in Assam) ৷ এইবাৰৰ স্থান মহানগৰীৰ নুনমাটি ৷ নুনমাটিৰ চূণচালি অঞ্চলত এটি ৬ বছৰীয়া শিশুক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে এটা লম্পট (Police arrested man on charges of sexually assaulting a child)। ধৃত লম্পটটোৰ নাম গগন দাস ৷ অম্বিকাগিৰি নগৰ অঞ্চলত বহুদিনৰে পৰা ভাড়াতীয়া হিচাপে আছিল লম্পটটো । টিহুৰ বাসিন্দা লম্পট গগন দাস পেচাত এজন চালক । সূত্ৰ অনুসৰি জানিব পৰা মতে, সোমবাৰে বিয়লি প্ৰায় ৪ মান বজাত নুনমাটিৰ চূণচালিত ৰাস্তাৰ কাষত ৰখাই থোৱা এখন বাহনৰ ভিতৰত শুই আছিল শিশুটি ৷ শুই থকা অৱস্থাতেই ৫৫ বছৰীয়া গগন দাস জপিয়াই পৰে শিশুটিৰ ওপৰত । ইয়াৰ পিছত ভুক্তভোগী শিশুটিযে কান্দি কান্দি লম্পটটোৱে কৰা দুষ্কাৰ্য্যৰ বিষয়ে পৰিয়ালবৰ্গক সকলো বিৱৰি কয় । পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত নুনমাটি থানাত দাখিল কৰে এজাহাৰ ৷ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই সোমবাৰে নিশা মহানগৰীৰ অম্বিকাগিৰী নগৰৰ পৰা গ্ৰেপ্তাৰ কৰে লম্পট গগনক ।
Last Updated : Feb 3, 2023, 8:32 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.