Makeup certificate distribution program: বৈদ্যশ্ৰী মেকঅভাৰ ষ্টুডিঅ’ৰ শিক্ষাৰ্থীক চাৰ্টিফিকেট বিতৰণ অনুষ্ঠান - Actress Geetawali Rajkumari
🎬 Watch Now: Feature Video
লখিমপুৰত সোমবাৰে জনপ্ৰিয় ৰূপসজ্জা শিল্পী বৈদ্যশ্ৰী গগৈৰ (Popular makeup artist Boidyashri Gogoi) বৈদশ্ৰী মেকঅ’ভাৰ ষ্টুডিঅ’ৰ (Boidyashri Makeover Studio) চাৰ্টিফিকেট বিতৰণ অনুষ্ঠান অনুষ্ঠিত কৰা হয় ৷ এই অনুষ্ঠানত Boidyashri Makeover Studio ত ৰূপসজ্জাৰ শিক্ষাগ্ৰহণ কৰা প্ৰায় ১৫০ গৰাকী শিক্ষাৰ্থীক প্ৰমাণ পত্ৰ প্ৰদান কৰা হয় ৷ লখিমপুৰৰ বাইপাছত থকা মন যায় ৰি'জৰ্টত অনুষ্ঠিত কৰা এই Certification Day অনুষ্ঠানৰ শুভাৰম্ভ কৰে বিহু বিশেষজ্ঞ ড° অমৰেন্দ্ৰ গগৈয়ে ৷ লখিমপুৰৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ১৫০ গৰাকী লোকে এই অনুষ্ঠানত প্ৰমাণ পত্ৰ গ্ৰহণ কৰে ৷ এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰী (Actress Geetawali Rajkumari) আৰু চুমি বৰা (Actress Sumi Bora)। গীতাৱলী ৰাজকুমাৰীয়ে অচিৰেই চিত্রগৃহলৈ আহিব লগা তেঁওৰ অভিনীত ৰাঘৱ চিনেমাখন চাবলৈ সকলোকে আহ্বান জনায় ৷
Last Updated : Feb 3, 2023, 8:38 PM IST