Majuli MLA Bhuvan Gam : বিধায়ক ভুৱন গামৰ বাহন দুর্ঘটনাগ্ৰস্ত; পত্নীসহ 4 দেহৰক্ষী চিকিৎসাধীন

By

Published : May 9, 2023, 2:20 PM IST

thumbnail

তেজপুৰ/মাজুলী, 9 মে' : মাজুলীৰ বিধায়ক ভুৱন গামৰ বাহন দুর্ঘটনাগ্ৰস্ত । লখিমপুৰ দিশৰ পৰা তেজপুৰ অভিমুখে আহি থকা অৱস্থাত একে দিশৰ পৰা গৈ থকা এখন বলেৰ’ বাহনৰ খুন্দাত বিধায়ক গামৰ As 01FF 1200 নম্বৰৰ কিয়া কাৰ্নিভেল বাহনখন দুর্ঘটনাত পতিত হয় ৷ বাহনখনত আছিল বিধায়কগৰাকীৰ লগতে তেওঁৰ পত্নী ৷ দুয়োগৰাকী সামান্যভাৱে আঘাতপ্ৰাপ্ত হয় বুলি চিকিৎসকে জানিবলৈ দিছে (Majuli MLA Bhuban Gam news)।

বলেৰ’ বাহনখনে খুন্দা মৰাৰ ফলত বাহনখন পথৰ দাঁতিত বাগৰি পৰে । মঙলবাৰে দিনৰ প্ৰায় 11.30 বজাত সংঘটিত এই দুর্ঘটনাটোত বিধায়ক আৰু তেওঁৰ পত্নীৰ লগতে 2 গৰাকী দেহৰক্ষী আঘাতপ্ৰাপ্ত হয় ৷ প্ৰথমে আটাইকে বালিপৰা চিকিৎসা কেন্দ্ৰত ভৰ্ত্তি কৰোৱাৰ পিচত তেজপুৰ টাইমছ চিকিৎসালয় লৈ অনা হয় (Majuli MLA Bhuvan Gams car crashed) ।

আটাইকেইজন সংকটমুক্ত বুলি জানিবলৈ দিয়ে চিকিৎসকে । বৰ্তমান তেজপুৰৰ টাইমছ নাৰ্ছিং হোমত বিধায়ক আটাইকেইজনকে চিকিৎসা প্ৰদান কৰাই থকা হৈছে । উল্লেখ্য যে, বলেৰ’ বাহনখনত থকা লোককেইজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে বুলি জানিবলৈ পৰা গৈছে । বাহনখনৰ নম্বৰ AS 12Y 7289 (TIMeS Hospital in Tezpur)৷

লগতে পঢ়ক : Manipur latest news : পূৰ্বতকৈ উন্নত মণিপুৰৰ পৰিস্থিতি; শিথিল সান্ধ্য আইন

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.