Majuli MLA Bhuban Gam: জাতীয় সংগীতক অপমান কৰি চৰ্চাত বিধায়ক ভূৱন গাম - Lok Kalyan Divas in Majuli
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-16026499-thumbnail-3x2-djcvhd.jpg)
জাতীয় সংগীতৰ প্ৰতি অসন্মান প্ৰদৰ্শন কৰি এইবাৰ চৰ্চাত মাজুলীৰ বিধায়ক (MLA Bhuban Gam dishonoured state state anthem) ৷ আজি মাজুলীত লোক কল্যান দিৱস উদযাপনৰ কাৰ্যসূচীৰ(Lok Kalyan Divas in Majuli) অন্তত বাজি উঠা জাতীয় সংগীতৰ সময়খিনিত বিধায়ক ভূৱন গাম ব্যস্ত হৈ পৰিল নিজৰ মোবাইল ফোনটোক লৈ ৷ সভাত উপস্থিত আছিল মন্ত্ৰী অতুল বৰাৰ লগতে বহু লোক (Atul Bora in Majuli)৷ যিসময়ত অনুষ্ঠানত উপস্থিত সকলোৱে থিয় হৈ সমস্বৰে গাইছিল ‘অ’ মোৰ আপোনাৰ দেশ...’, সেই সময়তে মঞ্চত মন্ত্ৰী অতুল বৰাৰ কাষত থিয় হৈ থকা বিধায়ক ভূৱন গাম ব্যস্ত আছিল মোবাইল ফোন পিটিকাত ৷ বিজেপিৰ বিধায়কগৰাকীয়ে জাতীয় সংগীতক অপমান কৰা এই দৃশ্য সম্প্ৰতি ভাইৰেল হৈ পৰিছে সৰ্বত্ৰে ৷
Last Updated : Feb 3, 2023, 8:25 PM IST