Majuli holi celebration news: ফাকুৱাক লৈ উৎসৱ মুখৰ পৰিৱেশে বিৰাজ কৰিছে সত্ৰ নগৰী মাজুলীত - ঐতিহাসিক দক্ষিণপাট সত্ৰ
🎬 Watch Now: Feature Video
মাজুলী, 7 মাৰ্চ : সমগ্ৰ ৰাজ্যৰ লগতে সত্ৰ নগৰী মাজুলীতো ৰঙৰ উৎসৱ ফাকুৱাক লৈ এক উৎসৱ মুখৰ পৰিৱেশে বিৰাজ কৰিছে । মাজুলীৰ ঐতিহাসিক দক্ষিণপাট সত্ৰত তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে ফাকুৱা উৎসৱৰ (Majuli holi celebration news) ।
কালি অৰ্থাৎ সোমবাৰে সন্ধিয়া ফাকুৱা উৎসৱৰ প্ৰথম দিনাৰ পৰ্ব মেঘ দাহ পালন কৰা হয় । দক্ষিণপাট সত্ৰত সত্ৰাধিকাৰ ভকত বৈষ্ণৱ সকলে মেঘ দাহ পৰ্ব পালন কৰে । মেঘ দাহ পৰ্বৰ লগত সংগতি ৰাখি সত্ৰৰ বৈষ্ণৱসকলে সত্ৰীয়া পৰম্পৰাৰে বিভিন্ন কাৰ্যসূচী পালন কৰে ।
বেদৰ মন্ত্ৰ উচ্চাৰণেৰে হোম যজ্ঞ কৰে ফাকুৱাৰ প্ৰথম দিনটোত । মহাপ্ৰভুক ধৰ্মীয় পৰম্পৰাৰে মণিকূটৰ পৰা উলিয়াই ৰভাঘৰত সাজু কৰি ৰখা সিংহাসনত আৰোহণ কৰোৱা হয় কালিৰ দিনটোত (Majuli holi news) । ইয়াৰ পিছতে মহাপ্ৰভুক মেঘদাহ পৰ্বৰ বাবে ধৰ্মীয় শোভাযাত্ৰাৰে ভেলাঘৰত স্থাপন কৰা হয় ।
পৰৱৰ্তী সময়ত নাম কীৰ্তন আৰু যথাবিহিত পূজাৰে সকলো নিয়ম পালন কৰাৰ লগতে পূজাৰ অন্তত সকলো হোম যজ্ঞত বহে । ভেলাঘৰৰ চাৰিওফালে সাতবাৰ প্ৰদক্ষিণেৰে ভেলাঘৰত অগ্নিসংযোগ কৰি প্ৰভুক সিংহাসনত পুনৰ আৰোহণ কৰোৱাই মন্দিৰলৈ সদল বলে প্ৰত্যাৱৰ্তন কৰে সত্ৰৰ ভকত বৈষ্ণৱসকলে ।
লগতে পঢ়ক : Swachh Abhiyan in Jorhat : নিজা প্ৰচেষ্টাত চাফাই অভিযানত নামিছে যোৰহাট দিব্যজ্যোতি দাস