Majuli BJP office electricity meter:মাজুলী জিলা বিজেপিৰ কাৰ্যালয়ত সংযোগ বিদ্যুৎ মিটাৰ - Reaction on Majuli BJP office electricity meter
🎬 Watch Now: Feature Video
মাজুলী, ১৩ জুন: মাজুলী জিলা বিজেপিৰ কাৰ্যালয়ত যোৱা ডেৰ বছৰ ধৰি বিদ্যুতৰ মিটাৰ অবিহনে বিদ্যুৎ সেৱা চলি থকাৰ বিষয়ে বিভিন্ন সংবাদ মাধ্যমে সবিস্তাৰে প্ৰকাশ কৰে । এই বাতৰি পৰিৱেশন হোৱাৰ লগে লগে বিষয়টোত তীব্র প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় । এই বিষয়টোৰ ওপৰত প্ৰশাসনক তদন্তৰ দাবী জনায় মাজুলী জিলা কংগ্ৰেছ আৰু আপে । বাতৰি প্ৰচাৰ হোৱাৰ পাছত মঙলবাৰে মাজুলী জিলা বিজেপিৰ কাৰ্যালয়ত সংযোগ হ'ল বিদ্যুতৰ মিটাৰ ।
উল্লেখ্য় যে মাজুলী জিলা বিজেপি কাৰ্যালয় বিগত ডেৰ বছৰে চলিছে বিদ্যুৎ মিটাৰ অবিহনে । বিদ্যুৎ বিভাগক মেনেজ কৰি মাজুলী জিলা বিজেপি কাৰ্যালয় চলিছে নেকি বুলি ৰাইজে প্ৰশ্ন উত্থাপন কৰাৰ পিচতেই গা লৰিল বিভাগ তথা জিলা বিজেপি কাৰ্যালয়ৰ কৰ্মচাৰীৰ । এই অত্যাধুনিক গৃহটোত আছে বাতানুকূল যন্ত্ৰ ,ফেনকে আদি কৰি কম্পিউটাৰৰ সঁজুলি আদি ।
লগতে পঢ়ক:Majuli BJP office:ডেৰ বছৰে বিদ্যুৎ মিটাৰ অবিহনে চলিছে মাজুলী বিজেপি কাৰ্যালয়