Neglected MK Gandhi: স্বাধীনতা দিৱসত মৰাণত উপেক্ষিত মহাত্মা
🎬 Watch Now: Feature Video
ডিব্ৰুগড়,16 আগষ্ট: মঙলবাৰে সমগ্ৰ দেশজুৰি 77 সংখ্যক স্বাধীনতা দিৱস পালন কৰিলে ৷ কিন্তু মহাত্মা গান্ধীবিহীন স্বাধীন ভাৰতৰ কোনেও কল্পনাও কৰিব নোৱাৰে ৷ তেনেস্থলত মৰাণত উপেক্ষিত হৈ ৰ'ল মহামানৱ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি ৷ মৰাণ পৌৰসভাৰ অন্তৰ্গত মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত থকা মহামানৱ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জনোৱাটো বাদে এগছি বন্তি জ্বলাবলৈ কাৰো সময় নহ’ল ৷
আনহাতে গান্ধীৰ প্ৰতিমূৰ্তিস্থলীত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজনৰ বাবে পেণ্ডেল পৰ্যন্ত নিৰ্মাণ কৰিছিল মৰাণ পৌৰসভাই ৷ কিন্তু পুৱাৰে পৰা নিশা পৰ্যন্ত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পন অথবা বন্তি প্ৰজ্বলন কৰিবলৈ আহৰি নাপালে ৰজাঘৰীয়াই ৷ মৰাণ পৌৰসভাৰ এনে কৰ্মকাণ্ডৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে অসমীয়া যুৱ মঞ্চৰ মৰাণ আঞ্চলিক সমিতিৰ নেতাই ৷ মহাত্মা গান্ধীৰ প্ৰতি এনে অশ্ৰদ্ধা, দায়িত্বহীনতাত ক্ষোভ প্ৰকাশ কৰি সংগঠনটোৱে অৱশেষত চাকি-বন্তিৰে মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷
লগতে পঢ়ক:Independence day 2023: ডিব্ৰুগড়ত ৰাষ্ট্ৰীয় পতাকা উত্তোলন ৰণোজ পেগুৰ