Mahashivratri in Dibrugarh: লেজাইত ইতিহাস প্ৰসিদ্ধ বৰগছৰ তলত মহাশিৱৰাত্ৰি পালন
🎬 Watch Now: Feature Video
মৰাণ, ১৯ ফেব্ৰুৱাৰী: সমগ্ৰ ৰাজ্যৰ লগতে ডিব্ৰুগড়তো শনিবাৰে বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হয় মহাশিৱৰাত্ৰি । এই উপলক্ষে ডিব্ৰুগড় জিলাৰ বিভিন্ন ঠাইৰ শিৱ মন্দিৰসমূহত পুৱাৰে পৰাই ভক্তসকলে ভিৰ কৰে । এই মন্দিৰসমূহত ভক্তসকলে পূজা-অৰ্চনাৰ বাবে শৰাই-নৈবদ্য আগবঢ়াই (Mahashivratri 2023 celebrated in assam)। সকলোৱে পুৱাৰে পৰা চাকি-বন্তি প্ৰজ্বলন কৰি মনোবাঞ্চা পূৰণৰ বাবে পূজা-অৰ্চনা কৰে ।
হিন্দু ধৰ্মাৱলম্বী লোক সকলৰ উপাস্য দেৱতা শিৱৰ আৰাধনাৰে মুখৰ হৈ পৰে জিলাখনৰ শিৱ মন্দিৰ সমূহ । আন ঠাইৰ লগতে ডিব্ৰুগড়ৰ লেজাইত ইতিহাস প্ৰসিদ্ধ বৰগছৰ তলত মহাশিৱৰাত্ৰি পালন কৰা হয় (Mahashivratri at Lejai in Dibrugarh)। লেজাই পানী মিচিং গাঁৱত ইতিহাস প্ৰসিদ্ধ বৰগছৰ তলত পালন কৰা হয় মহাশিৱৰাত্ৰি ।
১০০ বছৰ গৰকা বৰগছ জোপাত বিগত ৩০ বছৰ ধৰি স্থানীয় লোকে মহাশিৱৰাত্ৰি পূজা পালন কৰি আহিছে । ইয়াত পালন কৰা ব্যতিক্ৰমী মহাশিৱৰাত্ৰি পূজা চাবলৈ ভিৰ কৰে বিভিন্ন স্থানৰ পৰা অহা হাজাৰ হাজাৰ দৰ্শনাৰ্থীয়ে । ইয়াত থকা বৰগছজোপাত বাঁহ লোৱা মৌবাঁহে দৃষ্টি কাঢ়িছে দৰ্শনাৰ্থীৰ । প্ৰায় ৪০ টাতকৈয়ো অধিক মৌবাঁহে শোভাবৰ্ধন কৰিছে বৰগছ জোপাক । আনহাতে, এই ঐতিহ্যমণ্ডিত বৰগছ জোপাক সংৰক্ষণৰ ব্যৱস্থা কৰি তীৰ্থ ক্ষেত্ৰ হিচাপে গঢ় দিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে ।
ইপিনে,জিলাখনৰ ৰাজগড়স্থিত ঐতিহাসিক শ্ৰী শ্ৰী যুৰীয়া আই থানতো পূৰ্বৰ দৰে অনুষ্ঠিত হয় মহাশিৱৰাত্ৰি (Mahasivratri at Shri Shri Juria Ai Than)। পুৱাৰে পৰা ভক্তপ্ৰাণ ৰাইজৰ সমাগম ঘটে । মৰাণৰ ঐতিহ্যমণ্ডিত শিৱদৌলতো উখল-মাখল পৰিৱেশে বিৰাজ কৰে । এই শিৱদৌলত আৰাধনা কৰিবলৈ পুৱাই ভক্তই ভিৰ কৰে ।
পুৰাণত মহাশিৱৰাত্ৰিৰ বিষয়ে উল্লেখ কৰা হৈছে । এইবোৰ মধ্যযুগীয় পাঠত উৎসৱটোৰ লগত জড়িত বেলেগ বেলেগ কিংবদন্তি আছে । কিন্তু সকলোতে উপবাস আৰু শিৱৰ প্ৰতীক যেনে লিংগৰ প্ৰতি সন্মান প্ৰদৰ্শন উল্লেখ কৰা হৈছে ।
লগতে পঢ়ক:Maha shivratri 2023: মহা শিৱৰাত্ৰি উপলক্ষে লোকে লোকাৰণ্য পামহিৰ ভীমাশংকৰ মন্দিৰ