বাক্সাত মেজি জ্বলাই অগ্নি দেৱতাক প্ৰাৰ্থনা ৰাইজৰ - Magh Bihu celebration
🎬 Watch Now: Feature Video
Published : Jan 15, 2024, 5:42 PM IST
বাক্সা,১৫ জানুৱাৰী : ৰাজ্যত এতিয়া ভোগালীৰ উছাহ । উৰুকাৰ নিশা সকলোৱে লগে ভাগে এসাজ খাই পুৱাই মেজিৰ উম লোৱাত ব্যস্ত হৈছে । ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে এই দৃশ্য দেখা গৈছে । পৰম্পৰা ৰক্ষা কৰি বাক্সা জিলাৰ পশ্চিম সাৰুৱা গাঁৱৰ ৰাইজেও পুৱাই মেজি জ্বলাই অগ্নি দেৱতাক প্ৰাৰ্থনা কৰিলে ।
তাৰ পূৰ্বে ধৰ্মীয় ৰীতি-নীতিৰে অগ্নি দেৱতাক সন্তুষ্ট কৰিবলৈ চাকি-ধূপ লগাই নৈবদ্য আগবঢ়াইছে গাঁওবাসীয়ে । তাৰ পিচত পৰম্পৰা অনুসৰি মেজি জ্বলোৱা পৰ্ব সম্পাদন কৰা হয় । বাক্সা জিলাৰ বিভিন্ন প্ৰান্তত এনেদৰে পুৱাই ৰাজহুৱাভাৱে মেজি জ্বলোৱা দেখা গৈছে । পশ্চিম সাৰুৱা গাঁৱৰ ৰাইজৰ মতে তেওঁলোকে পূৰ্বৰে পৰা এই পৰম্পৰা ৰক্ষা কৰি আহিছে আৰু ভৱিষ্যতেও কৰি যাব ।
লগতে পঢ়ক :তেজপুৰত নাম-প্ৰসংগৰ মাজেৰে মেজি জ্বলোৱাৰ পৰম্পৰা ৰক্ষা